নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী হাইক’টত ক’ভিড প্রট’কল ভংগ কৰা নেতাক শাস্তি বিহাৰ আবেদন

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ দেশত নির্বাচনী প্রচাৰ চলোৱাৰ সময়ত ৰাজনৈতিক নেতা তথা তাৰকা প্রচাৰকসকলে ক’ভিড প্রট’কল ভংগ কৰা বুলি অভিযোগ কৰি দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে উত্তৰপ্রদেশৰ প্রাক্তন আৰক্ষীপ্রধান বিক্রম সিঙে৷ লক্ষণীয়ভাৱে আজি এই আবেদনখনত নির্বাচন আয়োগলৈ প্রচাৰকসকলৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিবলৈ নির্দেশ জাৰি কৰাৰ অনুৰোধো জনাইছে চিএএছই নামৰ থিংক টেংকটোৰ অধ্যক্ষ বিক্রম সিঙে৷ পশ্চিমবংগত নির্বাচনী প্রচাৰৰ সময়ত ক’ভিড–১৯ৰ প্রট’কল সম্পূর্ণৰূপে ভংগ হোৱা বুলিও আবেদনখনত উল্লেখ কৰিছে সিঙে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়োগক যোৱা এসপ্তাহ ধৰি পশ্চিমবংগত প্রচাৰ চলোৱা নেতাসকলক হোম কোৱাৰেণ্টাইনত ৰখাৰ নির্দেশ দিবলৈ ন্যায়ালয়ত দাখিল হোৱা আবেদনখনত উল্লেখ কৰা হৈছে৷ অৱশ্যে তাৎক্ষণিকভাৱে উচ্চ ন্যায়ালয়ে বিষয়টোত কোনো মতামত প্রকাশ কৰা নাই৷

You might also like