নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালয়েছিয়াই নিষিদ্ধ কৰিলে ভাৰতীয় যাত্রীৰ প্রৱেশ

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ভাৰতত ক’ভিড সংক্রমণৰ দ্বিতীয় জোৱাৰে সংহাৰ সৃষ্টি কৰাৰ সময়ত দেশখনৰ নাগৰিকসকলক বিভিন্ন বিদেশী ৰাষ্ট্রই ভ্রমণৰ ক্ষেত্রত নিষিদ্ধ কৰিবলৈ লৈছে৷ শেহতীয়াকৈ মালয়েছিয়াত ভাৰতৰ পৰা অহা যাত্রীক দেশখনত প্রৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে৷ মালয়েছিয়াৰ পৰিবহণ মন্ত্রী উই কা ছিয়ঙে ফেচবুক পোষ্টত উল্লেখ কৰিছে যে কালি ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ এক বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইতিমধ্যে উৰণ সংস্থাসমূহৰ লগতে জল পৰিবহণৰ ক্ষেত্রত থকা বিভিন্ন সংস্থাক তাৎক্ষণিকভাৱে ভাৰতীয় যাত্রীৰ প্রৱেশত নিষেধাজ্ঞা কার্যকৰী কৰিবলৈ নির্দেশ দিয়া বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ শেহতীয়াকৈ ভাৰতত ক’ভিড মহামাৰীৰ ভিন্ন প্রকৰণৰ সংক্রমণ ঘটিছে৷ ব্রিটেইন, ব্রাজিল তথা অন্যান্য দেশৰ পৰা ন ন প্রকৰণৰ ক’ৰোনাৰ সংক্রমণ ঘটিছে ভাৰতলৈ৷ এই ঘটনাক লৈ উদ্বিগ্ণ হৈ পৰিছে বিভিন্ন ৰাষ্ট্র৷ মালয়েছিয়া চৰকাৰেও ভাৰতত চলি থকা ক’ৰোনাৰ এই দ্রুত সংক্রমণৰ বাবে দেশখনৰ সৈতে ভ্রমণ সম্পর্ক বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷

You might also like