নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই শেহতীয়াকৈ বিশ্ব ঐতিহ্যক্ষেত্র  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত এক ভিডিঅ’ প্ৰস্তুত কৰিছে। নতুনকৈ প্ৰস্তুত কৰা এই ব্ল’গত ডিম্পুৱে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰি হাতী আৰু জিপ ছাফাৰী কৰি নিজৰ অনুভৱ ব্যক্ত কৰে।

লগতে পঢ়কঃ প্ৰথমে অপহৰণ তাৰপাছত বলাৎকাৰঃ যোগীঘোপাত গ্রেপ্তাৰ অভিযুক্ত চাৰি নৰাধম

ডিম্পুৱে এই ভিডিঅ’টো তেওঁৰ ইউটিউব চেনেল ‘Dimpu’s vlog’ আৰু নিজৰ ফেচবুক পেজত আপলোড কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ডিম্পুৰ এই ভিডিঅ’ৰ পাছতেই বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক টুইটযোগে ধন্যবাদ জনাইছে। বনমন্ত্ৰীগৰাকীয়ে লিখিছে- “কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ডিজিটেল প্লেটফৰ্মত সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ডিম্পুক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

চাওক দীম্পুৰ এই ভিডিঅ’- 

 

You might also like