নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন কৰে : মন্ত্ৰী পীযুষ

🔴মৰিগাঁৱৰ বৰচলাত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও জিলাৰ বৰচলা বিদ্যালয় খেলপথাৰত ৰণডংকা মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিকাশ আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাৰ বাবে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান মন্ত্ৰী হাজৰীকাৰ। জনতাৰ মাজত বলিষ্ঠ কণ্ঠেৰে ভাষণ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিপুল ভোটেৰে সুৰেশ বৰাক জয়ী কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। সভাখনত উপস্থিত হোৱাৰ লগে লগেই বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক আউট কৰি দিয়া বুলি জনায় ৰাইজে। তেওঁলোকে সুৰেশ বৰাক সাংসদ হিচাপে মানি লোৱা বুলি মন্ত্ৰীগৰাকীৰ আগত প্ৰকাশ কৰে। বৰ্তমানৰ সাংসদজনক কেতিয়াবা সমষ্টিত দেখা পাইছিল নেকি বুলি সোধা প্ৰশ্নত ৰাইজে নাই পোৱা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত মন্ত্ৰী পীযুষ হাজৰীকাই লাহৰীঘাটত সমাধান কৰিলে বানপানীৰ সমস্যা, গৰা খহনীয়াৰ সমস্যা। মৰিগাঁৱত গৰা খহনীয়া ৰোধ কৰিবলৈ ৪২০ কোটি টকা আনিছে মন্ত্ৰী হাজৰীকাই। তাৰে ৩৫০ কোটি টকা লাহৰীঘাট সমষ্টিত ব্যয় কৰিছে গৰা খহনীয়া, মথাউৰি নিৰ্মাণৰ বাবত। বিগত বছৰ বছৰ ধৰি কংগ্ৰেছক ভোট দি থকা সত্বেও বিজেপি চৰকাৰখনে কোনো ধৰণৰ অৱহেলা কৰা নাই মৰিগাঁওবাসীক। কাৰণ মন্ত্ৰীগৰাকীয়ে সেই লোকসকলক যথেষ্ট সন্মান কৰে আৰু তেওঁলোকৰ বাবে কাম কৰিব বিচাৰে। সকলোৱে অৰুণোদয় আঁচনি, বিনামূলীয়া চাউল লাভ কৰিছে। য’ত কোনো ধৰ্মৰ নামত ভেদভাৱ ৰখা নাই এই চৰকাৰখনে। কংগ্ৰেছক ভোট দিলে কিন্তু ইমান বছৰে একো নিদিলে। গতিকে এইবাৰ যাতে সকলোৱে বিজেপিক ভোট দিয়ে তাৰ বাবে আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছক ভোট দিলে দুখ পাম বুলিও ভাষণত মনৰ অনুভৱ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। এইবাৰ ভোট দিব নে দুখ দিব বুলি সোধাত সমস্বৰে ৰাইজে ভোট দিম বুলি কয়। জুনৰ ৪ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত অঞ্চলটোত গৈ ঠিকাদাৰক কাম কৰিবলৈ প্ৰেচাৰ দিয়া হ’ব। যদি ভোট নিদিয়ে তেতিয়া মনৰ দুখতে কাম কৰিবলৈ মন নাযাব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। ৰাইজৰ ক’ৰ্টত বল আছে গতিকে ৰাইজে goal দিলে খেলখনত জয়ী হ’ব বিজেপি। এনেদৰে ৰাইজক নিজৰ ভাষণেৰে মন্ত্ৰমুগ্ধ কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে কি দিলে বুলি সোধাত ৰাইজে জিৰ’ দিয়া বুলি কয়। কিন্তু মন্ত্ৰী পীযুষে সকলোকে কয় যে কংগ্ৰেছে জিৰ’ নহয় সূতা, কম্বল, আঠুৱা দিছে। কংগ্ৰেছে সূতা সূতা চিঞৰি আছে আৰু বিজেপিয়ে অৰুণোদয় অৰুণোদয় চিঞৰি আছে। গতিকে কোনটো লাগিব সেয়া ৰাইজে নিৰ্ণয় কৰিব। তেওঁ লগতে কয় যিকলৰ ৰেচন কাৰ্ড আছে অহা বছৰ সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন কৰে। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে হিমন্ত বিশ্বই ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বৰছলাৰ বহু দুখীয়া ঘৰৰ সন্তানে লাভ কৰিছে চাকৰি। যাৰবাবে এটকাও দিব লগীয়া হোৱা নাই। কিন্তু কংগ্ৰেছৰ দিনত তেনে কোনো পৰিৱেশেই নাছিল। কংগ্ৰেছৰ দিনত গণ্ডাই গণ্ডাই দালাল আছিল চাকৰি দিয়াৰ নামত। কিন্তু এতিয়া সেইবোৰ নচলিব বুলি সাৱধান কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে। প্ৰথমে ১লাখ চাকৰি দিয়াৰ কথা আছিল যদিও এইবাৰ পুনৰ ৫০ হাজাৰ চাকৰি দিব বিজেপি চৰকাৰে। অসমখনক আগুৱাই নিবলৈ সকলো কৰিব এই চৰকাৰখনে। পূৰ্বে কোনো চৰকাৰৰ সাহস নাছিল ৫ বছৰত ডেৰ লাখ চাকৰি দিয়াৰ। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি অৰুণোদয় আঁচনিৰ ধন ৭০০ টকাৰ পৰা ১২৫০ টকা কৰা হ’ল। মহিলা সকলৰ মাইক্ৰ ফাইনেন্সৰ ঝণ সমূহো মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি অনুসৰি ২১০০ কোটি টকা বেংক সমূহক পৰিশোধ কৰি মহিলা সকলক ৰক্ষা কৰিছে। যিবোৰ কংগ্ৰেছ শাসনত থাকিলে কেতিয়াও সম্ভৱ নহ’লহেতেন। এতিয়া অসমৰ কৃষকে ২২০০ টকা পাই প্ৰতি কুইন্টল ধানত। কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা বৰ্তমান ধানৰ দাম ৮০০ টকা হ’ল। কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়। বুৰগাঁও আৰু পাভকাটি গাঁৱত বিগত বৰ্ষত যথেষ্ট মাকৈ খেতি হৈছে কাৰণ মন্ত্ৰী হাজৰিকাই মথাউৰি নিৰ্মাণ কৰি দিছে। যাৰফলত এতিয়া কৃষকে মাকৈ খেতি কৰি বহুলভাৱে লাভাৱান্বিত হৈছে। মাকৈ খেতিত এবিঘাত ৪২ হাজাৰ টকা লৈকে লাভ হয় কৃষকৰ য’ত ধানখেতিত বিয়াত ২২ হাজাৰ টকা বিক্ৰী হয়। সেয়ে অধিক হাৰত মাকৈ খেতি কৰিবলৈ লৈছে ৰাইজে। ভাষণৰ মাজতে কংগ্ৰেছ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গ’ল লগতে এআইইউডিএফ দলো নিশ্চিহ্ন হৈ গ’ল বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। লাহৰিঘাটত এইবাৰ বিজেপিয়ে লিড কৰাৰ আশা প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ। অহা দুবছৰত উন্নত চিকিৎসাৰ বাবে যাব নালাগে গুৱাহাটীলৈ কাৰণ বগৰাত নিৰ্মাণ হৈ আছে মেডিকেল কলেজ। সেই কথাও ভাষণত জনায় মন্ত্ৰী পীযুষে। লগতে তেওঁ কয় যোৱা ৬০ বছৰত কংগ্ৰেছে মাত্ৰ ৬খন মেডিকেল কলেজ স্থাপন কৰিলে কংগ্ৰেছে। কিন্তু বিজেপিয়ে ৮ বছৰত মেডিকেল কলেজ নিৰ্মাণ কৰিলে ১৮খন। গতিকে এইবাৰ নিৰ্বাচনত হাৰি কংগ্ৰেছে হাফ চেঞ্চুৰী মাৰিব বুলি কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে। ইপিনে তেওঁ চিকিৎসাৰ কথা উল্লেখ কৰি কয় কংগ্ৰেছে মেডিকেল কলেজ নিৰ্মাণ কৰা নাছিল বাবে গাঁৱলৈ চিকিৎসক যাব পৰা নাছিল। কংগ্ৰেছৰ দিনত ৬ খন মেডিকেলত ৭২৬ টা চিট আছিল। এতিয়া মেডিকেল কলেজ বৃদ্ধি হোৱাত বছৰি চিকিৎসক ওলাইছে ১৩৫০গৰাকী। আৰু কেইখনমান মেডিকেল হ’ব বাকী আছে সেই কেইখন হৈ উঠিলে বছৰি প্ৰায় ২৫০০ চিকিৎক ওলাব বুলি আশা প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ। লগতে অহা ৭ বছৰৰ ভিতৰত বছৰত ৩ হাজাৰ চিকিৎসক লাভ কৰিব অসমে। ইপিনে তেওঁ কয় যে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ পূৰ্বে গুৱাহাটীলৈ যাব লগীয়া হৈছিল। কাৰণ কংগ্ৰেছৰ দিনত মাত্ৰ ৭খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা ৮ বছৰত ১৫খন বিশ্ববিদ্যালয় গঢ় লৈ উঠিল। এতিয়া বৰছলাৰ ল’ৰা ছোৱালীয়ে নগাঁও বিশ্ববিদ্যালয়ত পঢ়ি উচ্চ শিক্ষা লাভ কৰিব পাৰিব। মহিলাসকলক সবল কৰাৰ উদ্দেশ্যেও বিজেপিৰ আছে বিশেষ আঁচনি। উদ্যমিতা আঁচনিৰ জৰিয়তে অহা ৩ মাহৰ ভিতৰত ৪০ লাখ মহিলাক ১০ হাজাৰকৈ টকা দিব বিজেপি চৰকাৰে। অহা বছৰ ২৫ হাজাৰকৈ টকা দিব মহিলা সকলক। যিসকল নিবনুৱা যুৱকে চাকৰি নাপায় তেওঁলোকে ২-৫ লাখ টকা ঝণ হিচাবে লাভ কৰিব। তাৰে ৫০ শতাংশ উভতাই দিব নালাগে চৰকাৰক। অসমৰ ৫২ লাখ পৰিয়ালক বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড দিয়াৰ কথাও ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী, বি.এ, এম.এৰ এডমিছন বিনামূলীয়া কৰি দিছে জনহিতৈষী বিজেপি চৰকাৰে।ভূৰাগাঁও, লাহৰিঘাট, মঙলদৈ সংযোগী দলং নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ। লগতে চৰৰ মাটি জৰীপ কৰাৰ উপৰিও মাতব্বৰৰ দাদাগিৰি বন্ধ কৰাৰ কথা ঘোষণা কৰি মানুহক মাটি বিলাই দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হাজৰীকাৰ। তেওঁ শেষত কয় যে অসমৰ বাবে যি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব। গতিকে সকলোৱে বিজেপিক ভোট দি অসমৰ উন্নয়ন কৰিবলৈ আগবাঢ়ি আহক।

You might also like