নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক দলৰ হৈ আৰু গীত নোগোৱাৰ পণ জুবিনৰ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ ভৱিষ্যতে ৰাজনৈতিক দলৰ গান নাগায় জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে৷ নলবাৰীত এই কথা স্পষ্ট কৰে শিল্পীগৰাকীয়ে৷ শিল্পীগৰাকীয়ে লগতে কয় যে পুনৰ ‘কা’ আন্দোলন হ’লে আগত থাকিব জুবিন গার্গ৷

ইপিনে, জুবিন গার্গ আৰু পত্নী গৰিমা    গার্গে ৰাজনীতিত কোনোকালে যোগদান নকৰে বুলি ঘোষণা কৰি শিল্পীৰ ৰাজনীতিত যোগ দিয়াৰ অধিকাৰ আছে বুলি কৈ কয় যে শিল্পী আৰু ৰাজনীতিক একাকাৰ কৰিব নালাগে৷

উল্লেখ্য যে ব্যতিক্রমী বেশভূষাৰে আজি নলবাৰীত উপস্থিত হয় যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গ৷ হাফপেণ্ট, গেঞ্জী আৰু মূৰত হালোৱা জাপি লৈ সপত্নীক উপস্থিত হয় নলবাৰী চহৰৰ হাজো ৰোডৰ জিলিকনি চ’কত স্থাপন কৰিবলৈ লোৱা বৃন্দাবন মার্টত৷ অহা অক্টোবৰত বৃন্দাবন মার্ট মুকলি কৰিব বুলি ঘোষণা কৰে জনপ্রিয় শিল্পীগৰাকীয়ে৷

ইপিনে, আৰক্ষীৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱা কাণ্ডত উচ্চপদস্থ আৰক্ষী বিষয়া আৰু বিজেপি নেতা জডিত থকা কার্যত উদ্বেগ প্রকাশ কৰে জনপ্রিয় শিল্পীগৰাকীয়ে৷ জুবিন গার্গৰ নলবাৰী ভ্রমণত সংগ দিয়ে বৃন্দাবন থিয়েটাৰৰ প্রযোজক বংকিম ৰায় মেধি, সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক হিমান বর্মন, জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, যুৱ–ছাত্র পৰিষদৰ জিলা সাধাৰণ সম্পাদক নিৰোদ দাস আদিয়ে৷

You might also like