নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক বুকুৰ কুটুম মানি লোৱা জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাই এইবাৰ মুকলিকৈ চীনাপ্রীতি দেখুৱালে৷ কাশ্মীৰীসকলে নিজকে ভাৰতীয় বুলি অনুভৱ নকৰাৰ প্রসংগৰে নেচনেল কনফাৰেঞ্চৰ মুৰব্বী তথা সাংসদ ফাৰুক আব্দুল্লাই ভাৰতীয়ৰ বিপৰীতে কাশ্মীৰীসকলে চীনৰ শাসনত থাকিব বিচাৰে বুলি বিতর্কিত মন্তব্য কৰিছে৷ টিভিৰ আঁত ধৰোঁতা তথা সাংবাদিক কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদ ফাৰুক আব্দুল্লাই কাশ্মীৰীসকলক দাস বুলি আখ্যা দি দেশত দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে চৰকাৰে গণ্য কৰা বুলি অভিযোগ কৰে৷ সাংবাদিক থাপাৰে বর্তমান কাশ্মীৰৰ জনতাৰ মনৰ ভাব কেনে বুলি সোধা প্রশ্ণৰ উত্তৰত সাংসদ আব্দুল্লাই কয় যে সত্য কথা ক’বলৈ হ’লে তেওঁ আচৰিত নহ’ব যে চৰকাৰে নিজকে ভাৰতীয় বুলি কোৱা ব্যক্তি এজন কাশ্মীৰত বিচাৰি উলিয়াব পাৰিব৷ আপুনিও তালৈ গৈ সোধক, পাকিস্তানী বাদ দিয়ক৷ এই কথা স্পষ্ট যে কাশ্মীৰীসকলে নিজকে ভাৰতীয় বুলি অনুভৱ নকৰে৷ উল্লেখ্য যে বিগত বর্ষৰ আগষ্টত সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্তি ঘটাই ৰাজ্যখনৰ বিশেষ মর্যাদা কর্তনৰ সিদ্ধান্তক অঞ্চলবাসীয়ে মানি লোৱা বুলি বিজেপিয়ে কৰা দাবীও সাংসদ আব্দুল্লাই নস্যাৎ কৰে৷ তেওঁ পুনৰ কয় যে কাশ্মীৰৰ ৰাস্তাৰ পৰা সেনাবাহিনী প্রত্যাহাৰ কৰিলেই কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বৃহৎসংখ্যক লোক ওলাই আহিব৷ জম্মু–কাশ্মীৰৰ শান্তিৰ কাৰণে অনুচ্ছেদ ৩৭০ পুনৰ সন্নিৱিষ্ট কৰাৰ দাবী কৰি এন চিৰ মুৰব্বী আব্দুল্লাই কয় যে চৰকাৰক লৈ কাশ্মীৰৰ জনতাৰ আস্থা বেছি দিন বর্তি নাথাকে৷ দেশ বিভাজনৰ সময়ত কাশ্মীৰ উপত্যকাৰ লোকসকল পাকিস্তানলৈ যোৱাটো সহজ আছিল যদিও লোকসকলে গান্ধীৰ ভাৰতত অন্তর্ভুক্ত হৈছিল৷ মোদীৰ ভাৰতত নহয়৷ ইপিনে, আজিৰ তাৰিখত চীনে সীমান্তত আগ্রাসী ভূমিকা গ্রহণ কৰি থকাৰ প্রসংগৰে এন চিৰ মুৰব্বীগৰাকীয়ে কয়– অঞ্চলটোৰ লোকসকলৰ সৈতে কথা পাতিলে তেওঁলোকৰ অধিকাংশই চীন অহাটো বিচাৰে বুলি ক’ব৷ কোনোবাই যদি চীনে নিজৰ দেশত মুছলিমসকলক নির্যাতন চলাই থকা বুলি কয়, সেই সন্দর্ভত তেওঁ গম্ভীৰ নহয়৷ কিয়নো মই তাক লৈ চিন্তিত নহয়৷ অঞ্চলটোৰ লোকসকলেও সেই সন্দর্ভত কোনো মন্তব্য শুনিব নিবিচাৰে৷ তেওঁলোকে পাকিস্তানলৈ যাবলৈ নিবিচাৰে৷ কিয়নো পাকিস্তানক লৈ তেওঁলোকৰ আস্থা নাই৷ তদুপৰি এন চিৰ মুৰব্বীগৰাকীয়ে কয় যে জম্মু–কাশ্মীৰৰ বিষয়ে ভাৰতৰ যিকোনো প্রান্তত যদি তেওঁ কিবা ক’ব বিচাৰে, তেতিয়াহ’লে কোনেও নুশুনে৷ ৰাস্তাই–ঘাটে নিৰাপত্তা বাহিনীয়ে এ কে–৪৭ লৈ ঘূৰি আছে৷ গতিকে অঞ্চলটোত স্বাধীনতা ক’ত? কাশ্মীৰীসকলে দেশৰ আন প্রান্তৰ লোকৰ প্রতি আস্থা হেৰুওৱা বুলিও বিস্ফোৰক মন্তব্য কৰে সাংসদ আব্দুল্লাই৷ তাৎপর্যপূর্ণ যে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি কেন্দ্রীয়শাসিত অঞ্চল হিচাপে গঠন হোৱাৰ পাছত প্রাক্তন মুখ্যমন্ত্রী আব্দুল্লাই প্রথমটো সাক্ষাৎকাৰতে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাই নহয়, কাশ্মীৰীসকলে ভাৰতীয় বুলি অনুভৱ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷
Prev Post
You might also like