সুৰেৰে জগত জিনিবলৈ আমাৰ মাজলৈ আৰু নাহে জুবিন গাৰ্গ
কণ্ঠশিল্পী, অভিনেতা, চলচ্চিত্ৰকাৰ, সংগীতজ্ঞ আৰু সামাজিক কৰ্মী হিচাপে সকলোৰে বুকুত সাঁচ বহুৱাই তেওঁ গললৈ। যাৰ গানে সকলোকে আচ্ছাদিত কৰিছিল। তেওঁৰ এখন সাংস্কৃতিক মঞ্চৰ গান উপভোগ কৰিবলৈ লাখ লাখ অনুৰাগী ঠাহ খাই পৰে। তেওঁ অনন্য। তেওঁ আন কোনো নহয়। অসমৰ সাংস্কৃতিক জগতৰ নয়নমণি জুবিন গাৰ্গ।
কি নাছিল তেওঁৰ সত্তাত। বাদ্যযন্ত্ৰীৰ পৰা কণ্ঠশিল্পী হৈ অভিনয় জগতত নামি অসমীয়া ছবিজগতত তেওঁ খলকনি তুলিছিল। গানেই যাৰ সৰ্বোত্তম সত্তা সেইগৰাকী জুবিন আজি আমাৰ মাজত নাই। বিশ্বাস কৰিবলৈ গৈয়ো প্ৰতিগৰাকী অসমীয়া আজি থমকি ৰৈছে।
যি বাতৰি কোনো দিন কোনো কালে অসমীয়া হিচাপে সকলোৱে চাব বিচৰা নাছিল, যি বাতৰি পঢ়াৰ কোনো আগ্ৰহ কোনো অসমীয়াই কৰা নাছিল, যিগৰাকী জুবিনে মানুহক বাতৰিহে দিছিল, সেই জুবিন গাৰ্গে আৰু ঐ নাহৰ গানেৰে সাংস্কৃতিক মঞ্চ উদ্বেলিত কৰিবলৈ ঘূৰি নাহে… কোনো দিনে নাহে।
এক সত্তা, এক আৱেগ, এক অনামী শিহৰণ। নব্বৈৰ দশকৰ সেই চুলি দীঘল এটা ল’ৰা। যিয়ে অনামিকা এলবামেৰে অসমৰ সংগীত জগতত যি খলকনি তুলিলে তাক আৰু আজি দোহৰাৰ প্ৰয়োজন নাই। বেক টু বেক হিট এলবামেৰে অসমৰ সংগীত জগতত হৈ পৰিল ভোটাতৰা। কিন্তু তেওঁ আৰু আজি আমাৰ মাজত নাই… বিশ্বাসৰ অগোচৰ।
ধুমুহাৰ স’তে খেলা কৰি ভাল পোৱা মানুহজন আজি সাগৰৰ মাজত হেৰাই গল চিৰদিনৰ বাবে। মৃত্যুও যাৰ বাবে আছিল এক দুৰ্লংঘ্য পৰ্বত, সেই মৃত্য়ুকো আজি আঁকোৱালি ল’লে জুবিন গাৰ্গ নামৰ এই বিশাল সত্তাটোৱে। এয়া কিন্তু কোনেও কাহানিও কল্পনা কৰিব নোৱাৰা এক বাতৰি…।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ ছেপ্টেম্বৰ