নিয়মীয়া বাৰ্তা, ধেমাজি, ২ অক্টোবৰ : জুবিন গাৰ্গৰ অবৰ্তমানত বুকুত বেদনাৰ গধুৰ শিল লৈ পৰম্পৰাগত ৰীতি-নীতিৰে অৱশেষত মা দেৱী দুৰ্গাক বিসৰ্জন দিলে ধেমাজিৰ পূজা আয়োজক সমিতিসমূহে ৷
ধেমাজি প্ৰশাসনৰ নিৰ্দেশ আৰু অনুৰোধ মৰ্মে দুপৰীয়াৰ পৰা ধেমাজি নগৰৰ ধেমাজি চাৰিআলি দুৰ্গাপূজা সমিতি, মধ্য ধেমাজি সাৰ্বজনীন পূজা সমিতি, ধেমাজি ৰেলৱে ষ্টেচন পথ দুৰ্গা পূজা সমিতি, ধেমাজি কলেজ তিনিআলি পূজা সমিতি, ধেমাজি নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি, বিষ্ণু মন্দিৰ পূজা সমিতি, নলনিপাম পূজা সমিতি, ধেমাজি ৰেলৱে ষ্টেচন দুৰ্গা পূজা সমিতি, কাড়িচুক পূজা সমিতি, ধেমাজি বেচৰকাৰী বাছ আস্হান সাৰ্বজনীন পূজা সমিতি, ধেমাজি আৰক্ষী অধীক্ষক কাৰ্যালয় পূজা সমিতি, ধেমাজি কালী মন্দিৰ দুৰ্গা পূজা সমিতি, ধেমাজি প্ৰমোদ ভৱনৰ তিনিআলি পূজা সমিতি, এৰাঢল মিলিজুলি পূজা সমিতি, ধেমাজি বিষ্ণুপুৰ পাঁচআলি দুৰ্গা পূজা সমিতিকে ধৰি মুঠ ২৫খন পূজা সমিতিয়ে সন্মিলিতভাৱে ধেমাজি নগৰৰ তিনিআলিৰ পৰা এক বিশাল বিজয়া দশমী সমদল উলিয়ায় ৷
দেৱী দুৰ্গাক বছৰটোৰ বাবে বিদায় জনাবলৈ আজি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দেৱীৰ শ শ ভক্তই অপেক্ষা কৰা পৰিলক্ষিত হয় ৷ লক্ষণীয় যে দেৱীৰ কেইবাসহস্ৰ ভক্তই অংশ লোৱা এই সমদলত প্ৰতিখন পূজা সমিতিয়ে অকালতে অসমবাসীক এৰি যোৱা প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিশাল প্ৰতিচ্ছবি লৈ ধেমাজি নগৰৰ পৰা ৪ কিলোমিটাৰ দূৰত্বৰ বিসৰ্জনস্হলী তেলিজান নৈলৈকে কেৱল জুবিন গাৰ্গৰ বিভিন্ন জনপ্ৰিয় গীত বজাই সমগ্ৰ পৰিৱেশ বেদনাগধুৰ কৰি তোলে ৷ ওৰেটো বাট মা দুৰ্গা দেৱীৰ অজস্ৰ ভক্তই পূৰ্বৰ দৰে আনন্দৰ বন্যাত উটি-বুৰি নগৈ ডবা, শংখ, ঢাক-তাল বজাই আয়তীৰ উৰুলিৰে সমদলত অংশ লয়।
সমদলটোৱে ধেমাজি তেলিজান নৈত অৱস্থান কৰাৰ পিছতে পৰ্যায়ক্ৰমে প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে শান্তি-শৃংখলা অটুট ৰাখি শৃংখলাবদ্ধভাৱে অশ্ৰুসিক্ত নয়নেৰে ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে ৷
উল্লেখ্য যে বিসৰ্জনৰ পূৰ্বে আয়োজক সমিতিসমূহে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সভক্তিৰে বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি অৰ্পণেৰে পুনৰ এবাৰ আপোন শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ স্মৰ্তব্য যে ধেমাজি সদৰৰ নিকটৱৰ্তী তেলিজান নৈত পূজা সমিতিসমূহে যাতে সুকলমে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে তেলিজান নৈৰ দুয়োপাৰ সুন্দৰকৈ সাজু কৰি তোলাৰ উপৰি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে ৷ এছ ডি আৰ এফৰ কেইবাটাও দলকো তেলিজান নৈত সষ্টম কৰে প্ৰশাসনে ৷