নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালক অবিহনে চলিব চেন্নাইত মেট্র’ ৰে’ল

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ চালক অবিহনে চলিব মেট্র’ ৰে’ল৷ এইবাৰ মেট্র’ত চালকৰ আসনত কোনো ব্যক্তি বহি নাথাকিব৷ সম্পূর্ণৰূপে ছিগনেলিং ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰি চলিব মেট্র’৷ দেশৰ ভিতৰত প্রথম এই মেট্র’ ৰে’ল সেৱা আৰম্ভ হ’বলৈ গৈ আছে তামিলনাডুৰ ৰাজধানী চেন্নাইত৷ দুটা পর্যায়ত মেট্র’ৰ এই সেৱা আৰম্ভ কৰা হ’ব বুলি মেট্র’ ৰে’লৰ এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷

চেন্নাইৰ মেট্র’ ৰে’ল (ছিষ্টেমছ–পাৰেচনছ্)ৰ মুৰব্বী ৰাজেশ চতুর্বেদীয়ে সংবাদ সংস্থা এ এন আইক জনোৱা অনুসৰি চেন্নাইত মেট্র’ৰ দ্বিতীয় পর্যায়ৰ কাম অতি দ্রুত গতিত চলি আছে৷ এই দ্বিতীয় পর্যায়ত ৰে’লৰ সেৱা সম্পূর্ণৰূপে চালকবিহীন হ’ব বুলিও চতুর্বেদীয়ে ঘোষণা কৰিছে৷ প্রথমবাৰলৈ ছিগনেলিং ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰি ৰে’ল চলোৱা হ’ব বুলি উল্লেখ কৰে চতুর্বেদীয়ে৷ ২০২৬ চনৰ ভিতৰত এই চালকবিহীন মেট্র’ ৰে’ল সেৱা আৰম্ভ হ’ব৷ অধিক সংখ্যক লোকক নির্বিঘ্ণে ৰে’ল যাতায়াতৰ সুযোগ দিয়াই হ’ব এই সেৱাৰ মূল লক্ষ্য বুলিও চতুর্বেদীয়ে উল্লেখ কৰে৷

You might also like