নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AI-ৰ ছুনামি : বিশ্বত কর্মসংস্থাপনহীন হ’ব ৪০ শতাংশ যুৱপ্ৰজন্ম

তথ্য–প্রযুক্তিৰ উত্তৰণে মানৱ জাতিৰ জীৱনযাত্রা সহজসাধ্য কৰি তুলিছে যদিও ইয়াৰ সমান্তৰালভাৱে নিবনুৱাৰ সংস্থাপনক লৈ ভয়ংকৰ বার্তা কঢ়িয়াই আনিছে৷ সম্প্রতি সর্বত্র চর্চিত এক মাধ্যম হৈছে কৃত্রিম বুদ্ধিমত্তা, চমুকৈ এ আই৷ বিশ্বজুৰি কৃত্রিম বুদ্ধিমত্তাই শিক্ষাখণ্ডৰ পৰা আৰম্ভ কৰি প্রতিৰক্ষাৰ ক্ষেত্রখনলৈকে এক বৈপ্লৱিক সূচনা কঢ়িয়াই আনিছে৷ আজিৰ তাৰিখত এ আইৰ মাধ্যমেৰে মৃত মানুহকো জীৱন্ত ৰূপত দৃশ্য–শ্রাৱ্য মাধ্যমত জীয়াই তুলিব পাৰি৷ এক কথাত ক’বলৈ গ’লে সকলো ক্ষেত্রতে এতিয়া কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ পৰিছে৷

অমৃত নির্ধাৰিত পৰিমাণতকৈ বেছিকৈ গ্রহণ কৰিলে স্বাস্থ্যৰ অৱনতি হোৱাৰ লেখীয়াকৈ এ আইৰ ব্যাপক প্রভাৱে এতিয়া চাকৰিৰ ক্ষেত্রখনতো বহু নেতিবাচক প্রভাৱ পেলাইছে৷ ইয়াৰ ফলত সর্বাধিক ক্ষতিগ্রস্ত হ’ব নৱপ্রজন্ম৷ উন্নয়নশীল দেশ হিচাপে পৰিচিত বিশ্বৰ ভিতৰত সর্ববৃহৎ গণতন্ত্রৰ দেশ ভাৰতবর্ষত আগন্তুক সময়ত কৃত্রিম বুদ্ধিমত্তাই ভয়ংকৰ ক্ষতি কৰিব৷

এ আইৰ ব্যাপক প্রভাৱৰ ফলত ভৱিষ্যতে ভাৰতবর্ষত ২৬ শতাংশই কর্মসংস্থাপন হেৰুওৱাৰ আশংকাই দেখা দিছে৷ এই অশনি সংকেত কঢ়িয়াই আনিছে আন্তর্জাতিক মুদ্রানিধিৰ প্রধান ক্রীষ্টালিনা জর্জিয়েভাই৷ এ আই সন্দর্ভত দিয়া এক সাক্ষাৎকাৰত জর্জিয়েভাই এই আশংকা ব্যক্ত কৰি কয় যে এ আইৰ ব্যাপক প্রভাৱৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হ’ব প্রাথমিক স্তৰৰ কর্মচাৰীসকল৷

যিসকল লোকে মহাবিদ্যালয়ৰ পৰীক্ষা সমাপ্ত কৰি চাকৰিত ভৰি দিছে, তেওঁলোক অর্থাৎ নৱপ্রজন্মৰ প্রতিনিধিসকল এ আইৰ প্রভাৱত অধিক ক্ষতিগ্রস্ত হ’ব৷ আইএমএফপ্রধান জর্জিয়েভাৰ মতে, অকল ভাৰতবর্ষই নহয়, বিশ্বজুৰি চাকৰিৰ বজাৰখনত এ আয়ে একপ্রকাৰ ছুনামি আনিছে৷

এক সমীক্ষাৰ কথা সদৰী কৰি তেওঁ কয় যে ভাৰতবর্ষত ২৬ শতাংশই চাকৰি হেৰুওৱাৰ লগতে বিশ্বজুৰি ৪০ শতাংশই কর্মসংস্থাপন হেৰুওৱাৰ আশংকা ঘনীভূত হৈছে৷ অকল ভাৰতবর্ষৰ দৰে উন্নয়নশীল দেশেই নহয়, এ আইৰ নেতিবাচক প্রভাৱে উন্নত দেশ যেনে– আমেৰিকা, কানাডা আদিত সর্বাধিক প্রভাৱ পেলাব৷

উন্নত দেশসমূহৰ ৬০ শতাংশ লোকে এ আয়ে অনা ছুনামিত জীৱিকা হেৰুৱাব পাৰে৷ এই সন্দর্ভত সময় থাকোঁতেই সঠিক নীতি গ্রহণ নকৰিলে ভৱিষ্যৎ নৱপ্রজন্মৰ বাবে জীৱিকা নির্বাহ কৰাটো যথেষ্ট কঠিন ৰূপে পৰিগণিত হ’ব৷ এছিয়াৰ ভিতৰত বৃহৎ গণতান্ত্রিক দেশৰূপে পৰিগণিত ভাৰতবর্ষ এখন জনবহুল ৰাষ্ট্র৷ চাকৰিৰ বজাৰখনো এই অনুপাতে বিশাল৷ প্রতিবছৰে লাখ লাখ যুৱক–যুৱতীয়ে ভাৰতবর্ষত নতুন নতুন চাকৰিত নিয়োজিত হৈছে৷

২০২৩–২৪ বর্ষৰ এক পৰিসংখ্যা অনুসৰি চৰকাৰী–বেচৰকাৰী খণ্ডকে ধৰি এক কোটি ৯০ লাখ তৰুণ প্রজন্মই নতুন চাকৰিত যোগদান কৰিছে৷ আইএমএফপ্রধান জর্জিয়েভাৰ মতে, এ আইৰ গতি ৰোধ কৰাৰ কোনো উপায় নাই যদিও সুনির্দিষ্ট পৰিকল্পনাৰ জৰিয়তে এ আই প্রয়োগ কৰিলে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ০.৭ শতাংশ বৃদ্ধি হোৱাৰ লগতে তথ্য–প্রযুক্তিৰ ক্ষেত্রখনতো যথেষ্ট পৰিৱর্তন আহিব পাৰে৷

টিচিএছৰ গৱেষণাৰ জ্যেষ্ঠ বিজ্ঞানী অনির্বাণ দত্ত চৌধুৰীয়ে উল্লেখ কৰা মতে, এ আইৰ দ্বাৰা সৃষ্ট ছুনামিৰ প্রবলতা ৰোধ কৰাৰ একমাত্র উপায় হৈছে এ আই সঠিকভাৱে প্রয়োগ কৰাটো৷ আইএমএফে কৰা সমীক্ষাৰ ফলাফলত অবাক হৈ পৰা বিজ্ঞানীগৰাকীয়ে এ আইক ভয় কৰাৰ সলনি নিজে কৰা কামখিনি এ আইৰ ব্যৱহাৰেৰে কিদৰে অধিক উন্নত কৰি তুলিব পাৰি, তাৰ প্রতি দৃষ্টি ৰাখিবলৈ নৱপ্রজন্মক আহ্বান জনাইছে৷

আইএমএফৰ ভয়ংকৰ সমীক্ষাৰ পাছত এ আই সন্দর্ভত শিক্ষা ব্যৱস্থাৰ পৰিৱর্তনৰ পোষকতা কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্র’নিক্স এণ্ড টেলিকমিউনিকেচন ইঞ্জিনীয়াৰিঙৰ অধ্যাপক অমিত কোনাৰে৷ তেওঁ কয় যে অতদিনে যিধৰণৰ শিক্ষা ব্যৱস্থা চলি আহিছে, পৰিৱর্তিত পৰিস্থিতিত এয়া গ্রহণযোগ্য নহয়৷ যিখিনি কাম এ আইৰ দ্বাৰা সম্ভৱ হয় তাতকৈ অধিক কাম আমাৰ শিক্ষার্থীসকলে কৰিব পাৰে৷ এ আইক ভুল প্রমাণিত কৰি বহু সময়ত ছাত্র–ছাত্রীয়ে বহু উন্নত কাম–কাজ কৰিছে৷ গতিকে এই অনুসৰি মহাবিদ্যালয় পর্যায়ত যিকোনো শাখাতেই নহওক শিক্ষা ব্যৱস্থাৰ পৰিৱর্তন কৰিলে এ আয়ে কোনোধৰণৰ নেতিবাচক প্রভাৱ পেলাব নোৱাৰে৷ যদিহে আইএমএফে আশংকা কৰা মতে, এ আইৰ ছুনামিয়ে ভৰতবর্ষৰ ২৬ শতাংশ নৱপ্রজন্মৰ চাকৰিৰ প্রতি ভাবুকিৰ সৃষ্টি কৰে, তেন্তে এইসকলৰ ভৱিষ্যৎ কি হ’ব? এই সন্দর্ভত বিশেষজ্ঞসকলে বিদ্যালয় পর্যায়ৰ পৰাই চাকৰিমুখী পাঠ্যক্রম সংযোজন কৰাৰ বাবে চৰকাৰক পৰামর্শ দিছে৷

এই বিশেষ অংশৰ বাবে অতিৰিক্তভাৱে এডভাঞ্চড প্রগ্রেমিঙৰ প্রশিক্ষণৰ প্রয়োজন আছে৷ বিদ্যালয় পর্যায়ৰ পৰাই এই প্রশিক্ষণ আৰম্ভ কৰিব লাগিব৷ ছাত্র–ছাত্রীৰ দক্ষতা অনুসৰি পাঠ্যক্রম প্রস্তুত কৰিলে কোনোধৰণৰ শংকাৰ ভৱিষ্যতে সৃষ্টি নহয়৷ অৱশ্যে এইক্ষেত্রত চৰকাৰৰ ফালৰ পৰাও সদিচ্ছা লাগিব বুলি মন্তব্য কৰিছে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এমেৰিটাছ অধ্যাপক অমিত চট্টোপাধ্যায়ে৷ তেওঁ কয় যে এ আইৰ আগমনৰ ফলত ক্ষতিগ্রস্ত হ’ব পৰা দিশসমূহ চালিজাৰি চাই নতুন পদ সৃষ্টি কৰাৰ প্রয়োজন আছে৷

চৰকাৰী ক্ষেত্রৰ লগতে বেচৰকাৰী খণ্ডয়ো এইক্ষেত্রত কিছু চিন্তা কৰাৰ প্রয়োজন আছে৷ এ আইক লৈ বিভিন্ন সমীক্ষাই দেখুওৱা আশংকাৰ মাজতে একাংশ বিশেষজ্ঞৰ মতে, এ আই অর্থাৎ কৃত্রিম বুদ্ধিমত্তা কেতিয়াও এশ শতাংশ ভৰসাৰ যোগ্য নহয়৷ মানুহে যিটো কাম নিখুঁতভাৱে কৰিব পাৰে, সেয়া এ আয়ে এশ শতাংশ নির্ভুলভাৱে কৰিব যে পাৰিব সেয়া সন্দেহৰ আৱর্তত৷ আইএমএফৰ সমীক্ষাৰ প্রতিফলন আগন্তুক সময়ত চাকৰিৰ বজাৰখনৰ প্রাথমিক স্তৰত প্রতিভাত হ’ব যদিও মানুহৰ ভূমিকাৰ বাদে আন একো বিকল্প থাকিব নোৱাৰে৷

এ আয়ে কোনখিনিত ভুল কৰিছে সেয়া পৰীক্ষা কৰাৰ বাবেই মানুহৰ প্রয়োজন হ’ব৷ ভাৰতবর্ষৰ ভিতৰত সমীক্ষা অনুসৰি প্রযুক্তিৰ ক্ষেত্রখনত সর্বাধিক আগবঢ়া ৰাজ্য হৈছে তামিলনাডু৷ তাৰ পাছতে স্থান লাভ কৰিছে কর্ণাটক আৰু মহাৰাষ্ট্রই৷ ডিজিটাইজেচনৰ লগে লগে দিল্লী, কেৰালা, কর্ণাটক, মহাৰাষ্ট্র, হাৰিয়ানা, চেন্নাই, বেংগালুৰু, মুম্বাই আৰু পুনেত থকা আইটি হাবসমূহত এ আই উপযোগী পৰিকাঠামো গঢ়ি তুলিব পাৰিলে বহু সমস্যা সমাধান হ’ব৷

সময়ৰ লগে লগে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নতি সকলোৰে কাম্য৷ কিন্তু এ আইৰ আৱির্ভাৱ মানৱ সভ্যতাৰ বাবে আশীর্বাদ নে অভিশাপ এই সন্ধিক্ষণত এই কথাই বিশেষজ্ঞসকলকো চিন্তিত কৰি তুলিছে৷ প্রযুক্তিক বর্জন কোনো সমাধান নহয় যদিও প্রযুক্তিৰ সৈতে হাত মিলাই ভৱিষ্যতৰ দিশে আগবাঢ়িলে আসন্ন সংকটৰ পৰা নতুন প্রজন্মক উদ্ধাৰ কৰিব পৰা যাব৷

ডিজিটেল ডেস্ক, ২৫ ফেব্রুৱাৰী

You might also like