দেশজুৰি চৰকাৰে ডিজিটেল এৰেষ্ট ক লৈ সজাগ আৰু সতর্কবাণী প্রচাৰ কৰি আছে যদিও কার্যতঃ সেয়া প্রহসনত পৰিণত হৈছে৷
চাইবাৰ অপৰাধ ৰোধৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পাছতো ডিজিটেল এৰেষ্টৰ দোহাইৰে এতিয়াও দেশত এচামে কোটি কোটি টকা হৰলুকী কৰি আহিছে৷ ডিজিটেল এৰেষ্টৰ জালত পৰি অলপতে গুজৰাটৰ এগৰাকী মহিলা চিকিৎসকে ১৯ কোটি টকা হেৰুৱাবলগীয়া হৈছে৷
চিকিৎসকগৰাকীয়ে ডিজিটেল এৰেষ্টৰ জৰিয়তে ধনখিনি হেৰুওৱাৰ পাছত আৰক্ষীক অৱগত কৰে৷ লক্ষণীয় যে আৰক্ষী বিষয়া বুলি নিজকে দাবী কৰি মহিলা চিকিৎসকগৰাকীৰ পৰা উল্লিখিত পৰিমাণৰ ধন হৰলুকী কৰাৰ অভিযোগত ইতিমধ্যে এজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
Niyomiya Barta Desk, 30 July, 2025