নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু দিৱসত জয়ন্ত হাজৰিকাক স্মৰণ, আজি ৰবীন্দ্র ভৱনত গীত–মাতৰ এসন্ধ্যা অনুষ্ঠান

নিয়মীয়া বার্তা, ১৬ অক্টোবৰঃ মহানগৰীৰ চানমাৰিত কালি যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ৪৩সংখ্যক মৃত্যু তিথি উদযাপন কৰা হয়৷ চানমাৰি উৰণীয়া সেতুৰ তলত থকা শিল্পীগৰাকীৰ প্রতিমূর্তিস্থলীত পুৱাৰ ভাগত পৰিয়ালৰ লোকৰ লগতে বহু গুণমুগ্ধই উপস্থিত হৈ প্রতিমূর্তিস্থলীত বন্তি প্রজ্বলন কৰাৰ লগতে মাল্যাৰ্পণেৰে প্রাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ইয়াৰ পিছতেই বেদপাঠৰ কার্যসূচী গ্রহণ কৰা হয়৷ ক’ৰোনা মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত মনীষা হাজৰিকাই শিল্পী জয়ন্ত হাজৰিকাৰ জীৱিত কালৰ কিছু কথা ব্যক্ত কৰাৰ লগতে কেৱল জন্ম আৰু মৃত্যু দিৱস পালন কৰাৰ বিপৰীতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰক বিশেষ পদক্ষেপ গ্রহণ কৰাৰ বাবে আহ্বান জনায়৷

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সুৰ বাহিনীৰ সহযোগত আজি গুৱাহাটীৰ ৰবীন্দ্র ভৱনত শিল্পী জয়ন্ত হাজৰিকাৰ ৪৩সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া ৬ বজাত ‘মন চাতকৰ কণ্ঠ’ শীর্ষক গীত–মাতৰ এসন্ধ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

You might also like