নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কল কৰিলেই আপোনাৰ ঘৰত হাজিৰ হ’ব ATM, এছ বি আইৰ নতুন সেৱা

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ এটিএম। বেংক সেৱাৰ সহজ মাধ্যমটো এতিয়া আপোনাৰ পদূলিমুখত। মাত্ৰ কল কৰিলেই আপোনাৰ ওচৰত হাজিৰ হ’ব এটিএম। হয় দেশৰ অন্যতম সমাদৃত বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই আৰম্ভ কৰিছে এটা নতুন সেৱা।

কোনো গ্ৰাহকে নিজৰ ঘৰলৈ এটিএম সেৱা উপলব্ধ কৰাবৰ বাবে হোৱাটছএপত মেছেজ বা কল কৰিলেই লাভ কৰিব পাৰিব এই সুবিধা। কল বা মেছেজ কৰাৰ কিছুসময় পিছতে এটিএম লৈ হাজিৰ হ’ব বেংক কৰ্মচাৰী।

‘আপোনাৰ আহ্বানত এটিএম আপোনাৰ পদূলিমুখত’ (आपकी मांग पर, एटीएम आपके द्वार पर) শ্লোগানেৰে এই সেৱা আৰম্ভ কৰা হৈছে। এছ বি আই ড’ৰষ্টেপ এটিএমৰ মুখ্য প্ৰবন্ধক অজয় কুমাৰ খান্নাই জনাই যে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এই প্ৰকল্প সম্প্ৰতি ব্যৱহাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ লখনোত।

লখনোত এই কাৰ্যসূচী সফলকাম হ’লে ভাৰতৰ আন ৰাজ্যতো এনে সেৱা অতি সোনাকলে উপলব্ধ কৰোৱা হ’ব। উল্লেখ্য, ডৰষ্টেপ এটিএমৰ সুবিধা লাভৰ বাবে বেংকে নিৰ্দিষ্ট কৰি দিয়া নম্বৰত পঞ্জীয়নভুক্ত নম্বৰেৰে ঘৰৰ ঠিকনা জনাই দিব লাগিব।

ষ্টেট বেংকে ইয়াৰ আগতেও ড’ৰষ্টেপ সেৱাৰে দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকক আন বিভিন্ন বেংকজনিত সুবিধা প্ৰদান কৰিছিল।

You might also like