নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলত মৰি ওপঙি উঠিছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : ভয়াবহ প্ৰদূষণৰ কবলত পৰিছে ঐতিহ্যমণ্ডিত দীপৰ বিল । প্ৰদূষিত পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত বিলখনত থকা প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ , ভকুৱা, কুঢ়ি আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ মৰি উপঙি উঠিছে । স্হানী একাংশ লোকে জানিবলৈ দিয়ামতে দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰ অভিমুখে গতি কৰাৰ পিছতে দীপৰ বিল আৰু খানা নৈ সংযোগী অংশতে এটা চক্ৰই স্হাপন কৰে এটা বৃহৎ মাছ মৰা বান্ধ । বাহৰ ঘন ঘন বেৰ আৰু জাল বহুৱাই স্হাপন কৰা বান্ধটোৰ বাবেই দীপৰৰ পানীৰ স্বাভাবিক সোত বন্ধ হৈ পৰে । মহানগৰীৰ বৰ্জিত পানী , ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ-আৱৰ্জনা আদি পৰি প্ৰদূষিত হৈ থকা বিলখনৰ পানীৰ স্বাভাৱিক সোত বন্ধ হৈ পৰাৰ ফলত অধিক প্ৰদূষিত হৈ পৰে । প্ৰদূষিত পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলতে বিলখনত থকা প্ৰকাণ্ড প্ৰকাণ্ড মাছবোৰ মৰি উপঙি উঠা বুলি স্হানীয় লোকসকলে মতব্যক্ত কৰিছে । যাৰবাবে বিলখন প্ৰদূষণ মুক্ত কৰাৰ স্বাৰ্থত বিলখনৰ মুখত অবৈধভাৱে বহুওৱা মাছমৰা বান্ধটো উঠাই দিয়াৰ লগতে খানানৈৰ ঠায়ে ঠায়ে বাম হৈ পৰা অংশবোৰ খান্দি পানীৰ স্বাভাৱিক সোত সুচল কৰি তুলিবলৈ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

You might also like