নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ডত পঞ্জীয়নেৰে অসমত চলাইছে বাণিজ্যিক বাহন; বছৰি ২১৬ কোটিৰ ৰাজহ লোকচান

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ  বহিঃৰাজ্যত বাণিজ্যিক বাহন পঞ্জীয়ন কৰি ৰাজ্যত চলাই থকাৰ ফলত বৃহৎ ৰাজহৰ লোকচানৰ সন্মুখীন হৈছে চৰকাৰ৷ এই অভিযোগ খিলঞ্জীয়া অধিকাৰ মর্চাৰ৷  দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত মর্চাৰ সভাপতি অমিতাভ শর্মাই কয় যে বিগত সাত বছৰত পৰিবহণ খণ্ডত ক্রমে ১,৫১২ কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছে৷ পৰিবহণ বিভাগৰ চূড়ান্ত গাফিলতি আৰু ব্যর্থতাৰ বাবে এই ৰাজহ লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমত চলি থকা বাণিজ্যিক বাহনৰ অধিকসংখ্যক বাহনৰ পঞ্জীয়ন নাগালেণ্ডত কৰা হয়৷ এনে এখন বাহনৰ পৰা কৰ আৰু ৰাজহৰ নামত বিভাগে গড়ে ৮০ হাজাৰ টকা লাভ কৰে৷ এনে ধৰণৰ ২০ হাজাৰ বাণিজ্যিক বাহন অসমত চলি আছে৷ এই হিচাপে প্রতিবছৰে ১৮০ কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈ আহিছে বিভাগটো৷ তদুপৰি প্রতিখন বাণিজ্যিক বাহনৰ পৰা জি এছ টি ২০ শতাংশ ধৰিলেও ইয়াৰ পৰিমাণ ৩৬ কোটি টকা৷ অর্থাৎ এটা বর্ষত সর্বমুঠ ৰাজহ লোকচানৰ পৰিমাণ হৈছে ২১৬ কোটি টকা৷ এই হিচাপত যোৱা সাত বছৰত মুঠ ১,৫১২ কোটি টকাৰ ৰাজহ চৰকাৰে লোকচান ভৰিবলগীয়া হৈছে৷’ ইপিনে বাণিজ্যিক বাহনৰ অনুজ্ঞা প্রদানৰ নামত ৰাজ্যত মুকলি বজাৰ চলি আছে বুলিও অভিযোগ কৰে শর্মাই৷

You might also like