নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিৰ অন্তর্নিহিত অসাধাৰণ গুণসমূহ উলিয়াই অনাটোৱে শিক্ষাৰ মূল উদ্দেশ্য

মাছখোৱা স্নাতক মহাবিদ্যালয়, ডিগবৈ মহিলা মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বার্তা, ২৬ আগষ্টঃ  ‘সকলো ছাত্র–ছাত্রীৰে জীৱনৰ লক্ষ্য থকা উচিত৷ যাৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাথাকে তেওঁলোকক পশুৰ লগত তুলনা কৰিব পাৰি, পশু–পক্ষীৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নথাকে৷ শিক্ষা ব্যক্তি বিশেষ হ’ব নালাগে, শিক্ষা সমাজৰ কল্যাণৰ কাৰণে হ’ব লাগে৷ একোজন মানুহৰ মাজত অন্তর্নিহিত হৈ অসাধাৰণ ব্যক্তিত্ব গুণসমূহ বাহিৰলৈ উলিয়াহ অনাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য৷’ স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ অনুৰাগী তথা সুবক্তা দিগন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে ধেমাজি অন্যতম উচ্চ শিক্ষানুষ্ঠান মাছখোৱা স্নাতক মহাবিদ্যালয়ত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্ব পৰিপূর্ণতা’ বিষয়ত এক আলোচনা–চক্রত এই মন্তব্য কৰে৷ তেওঁ আৰু কয় যে প্রতিগৰাকী লোকৰ মাজত অন্তর্নিহিত হৈ থকা অসাধাৰণ ব্যক্তিত্ব, গুণসমূহ ভিতৰৰ পৰা উলিয়াই আনি সমাজৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ মনোজ্ঞ বত্তৃণতা অনুষ্ঠানত মহাবিদ্যালয় উপাধ্যক্ষ গণৰাজ ইয়েন৷ নগৰ হাইস্কুলৰ প্রধান শিক্ষক গোবিন দত্ত, পূর্বোত্তৰ হাহসুকলৰ প্রধান শিক্ষক বিপুল শহকীয়া, মাছখোৱা কনিষ্ঠ মহাবিদ্যালয় সহকাৰী অধ্যাপক মৃদুল শহকীয়া লগতে ভালেসংখ্যক শিক্ষক–শিক্ষয়িত্রী উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শর্মাই কয় যে আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল মৃত্যু নহয়, অমৰত্ব আমাৰ লক্ষ্য হোৱা উচিত৷ নচিকেটাৰ দৰে দর্শন আমাৰ সকলোৰে মাজত আছে৷ মাথোঁ তাক বিচাৰি ল’ব জানিব লাগিব৷ নচিকেটাৰ দৰে উচ্চ আকাংক্ষা থকাটো মানৱ জীৱনৰ কাম্য বুলি সদৰী কৰে৷ অধ্যাপক ড০ বসন্ত মংগল দত্তই আঁতধৰা অনুষ্ঠানত বর্তমানৰ শিক্ষা ব্যৱস্থাৰ সন্দর্ভতো আলোকপাত কৰি কয় যে শিক্ষা প্রধান উদ্দেশ্য হৈছে এতিয়া চাকৰি, অর্থ, খ্যাতি আৰু ক্ষমতা৷ আজি শিক্ষা ব্যৱস্থাই সকলোকে চাকৰিমুখী কৰি তুলিছে, কিন্তু চাকৰি সৃষ্টি কৰিব পৰা শিক্ষা আমাৰ ৰাজ্যত আজিকোপতি হোৱা নাই বুলি আক্ষেপ প্রকাশ কৰে৷ মহাযোগী অৰবিন্দৰ উদ্ধৃতি দি তেওঁ কয় যে যদি কোনো এজন লোকৰ প্রকৃত জ্ঞান থাকে, তেন্তে তেওঁৰ বাবে এটা কর্ম নিশ্চিত৷ স্বামী বিবেকানন্দৰ বহু মূল্যৱান বাণী উল্লেখ কৰি উপস্থিত শিক্ষক সমাজক সেই বাণী সাৰোগত কৰি শিক্ষা প্রধানৰ বাবে আহ্বান জনায়৷ সাৰগর্ভ ভাষণ সামৰণিৰ পিছতে শিক্ষা সম্পর্কত ছাত্র–ছাত্রী তথা শিক্ষকৰ লগত অন্তৰংগ আলাপ কৰে৷

 

ইপিনে ডিগবৈৰ মহিলা মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিকশ্রীৰবিন্দ অনুগামী দিগন্ত বিশ্ব শর্মাই ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক এক গাম্ভীর্যপূর্ণ বত্তৃণতা অনুষ্ঠানত অংশ লয়৷ কার্যসূচীত বিশিষ্ট অতিথি হিচাপে দিগন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰি ছাত্রীসকলক শিক্ষা, মানসিক আৰু বৌদ্ধিক ক্ষেত্রত কিদৰে আগুৱাই যাব পাৰি এই বিষয়ক লৈ এটি অনুপ্রেৰণামূলক বক্তব্য আগবঢ়ায়৷ ছাত্রীসকলৰ এক প্রশ্ণৰ উত্তৰত শর্মাই কয় যে একোজন মানুহৰ মাজত অন্তনির্হিত গুণখিনি বাহিৰলৈ উলিয়াই অনাটোৱেই শিক্ষাৰ মূল চাবি–কাঠি৷ তেওঁ আৰু কয় যে প্রতিগৰাকী লোকৰ মাজত অন্তনির্হিত হৈ থাকে অসাধাৰণ ব্যক্তিত্ব, ক্ষমতা আৰু উদ্যম৷ এই সমস্ত গুণৰাজিক নিজৰ ভিতৰৰ পৰা উলিয়াই বহিঃপ্রকাশ ঘটোৱাৰ বাবে চেষ্টা কৰা উচিত৷ মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্চিত চেতিয়াৰ লগতে ভালেসংখ্যক শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰী উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শর্মাই উপস্থিত সকলোকে বিনয়ীভাৱে অভিবাদন জনাই কয়– মই কোনো পণ্ডিত প্রবৰ নহয়, তেনেহ’লে কিয় মই এনে ধৃষ্টতা কৰিছোঁ৷ শর্মাই কয় যে আমাৰ জীৱনৰ লক্ষ্য মৃত্যু নহয়৷ যদিও অসম্ভৱ অমৰত্ব আমাৰ লক্ষ্য হোৱা উচিত৷ নচিকেতাৰ দৰে দর্শন আমাৰ সকলোৰে মাজত আছে৷ মাথোঁ তাক বিচাৰি ল’বলৈ জানিব লাগিব৷ নচিকেতাৰ দৰে উচ্চ আকাংক্ষা থকাতো জীৱনত খুবেই প্রয়োজনীয় বুলিও সদৰী কৰে৷ মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত তত্ত্বগধুৰ আলোচনা–চক্রত দিগন্ত বিশ্ব শর্মাই শিক্ষা ব্যৱস্থাৰ ওপৰতো আলোকপাত কৰি কয় যে শিক্ষা ব্যৱস্থাত তিনি প্রকাৰৰ আহিলা থাকে৷ সেয়া বিষয় বুৎপত্তি,বস্তু পৰিচয় আৰু বৃত্তিৰ উৎকর্ষ৷ তেওঁ পুনৰ কয় যে বর্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ আত্মাৰ কোনো সর্ম্পক নাই৷ যিয়ে নেকি এজনক মহান কৰি তুলিব পাৰে৷ আজিৰ শিক্ষা ব্যৱস্থা বিদ্যার্থীকেন্দ্রিক শিক্ষা ব্যৱস্থা নহয়৷ আমাৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্রিক৷ ভাল নম্বৰো লাভ কৰে, ভাল চাকৰি–দৰমহা পায়৷ অৱশেষত কেতিয়াবা আত্মহত্যাও কৰিব লগা হয়৷ কাৰণ এটাই, কাৰণ তেওঁৰ আত্নাৰ স’তে বিদ্যাৰ কোনো সর্ম্পক নাই৷ মহাযোগী অৰবিন্দৰ উদ্ধৃতি দি কয়– যদি কোনো এজন লোকৰ প্রকৃত জ্ঞান থাকে, তেন্তে তেওঁৰ বাবে এটা কর্ম নিশ্চিত৷ আধুনিক মানুহে বিজ্ঞানক প্রশ্রয় দিয়ে, বিজ্ঞান জনাৰ বাবে নহয়৷ আধুনিক মানুহে দর্শন, শাস্ত্র, সংস্কৃতিক কিয় গুৰুত্ব নিদিয়ে? কিয়নো সংস্কৃতিয়ে মানুহৰ জীৱন স্বাচ্ছন্দ্য কৰি নোতোলে৷ উপস্থিত থকা শিক্ষক–শিক্ষয়িত্রীস স্বামী বিবেকানন্দই কৰা মন্তব্যৰ আধাৰত কয় যে যদিহে শিক্ষকসকলে নিজকেই নিয়ন্ত্রণ কৰিব নোৱাৰে, তেন্তে ছাত্র–ছাত্রীক নিয়ন্ত্রন কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়৷ ছাত্র–ছাত্রীসকলক পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰত ব্যৱহাৰ নকৰি সমভাৱে দৃষ্টি নিক্ষেপ কৰাতো অত্যন্ত জৰুৰী৷ লগতে খং দমন কৰা, মিছা কথাৰ প্রশ্রয় নিদিয়া আৰু সহনশীলতা খুবেই প্রয়োজনীয়৷ স্বামী বিবেকানন্দৰ বহু মূল্যবান বাণী উল্লেখ কৰি উপস্থিত শিক্ষক সমাজক সেই বাণী সাৰোগত কৰি শিক্ষা প্রদানৰ বাবেও আহ্বান জনায় শর্মাই৷ সাৰগর্ভ ভাষণ সামৰণিৰ পাছতে শিক্ষকসকলৰ লগত অন্তৰংগ আলাপ কৰে৷ শেহতীয়াকৈ অসমৰ বিভিন্ন বিদ্যালয়–মহাবিদ্যাল্ দিগন্ত বিশ্ব শর্মাই ৰামকৃষ্ণ পৰমসংহ, স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ বিভিন্ন বিষয় সন্দর্ভত আলোচনা–চক্রত অংশগ্রহণ কৰি ছাত্র সমাজৰ মাজত বিশেষভাৱে জনপ্রিয় হৈ পৰিছে৷ আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ তথা ছাত্রীসকলৰ তৰফৰ পৰা দিগন্ত বিশ্ব শর্মাক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷

You might also like