নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ চাৰি উপ সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা

দহ হাজাৰ ভকত বহিব পৰা দুটা ভোজনালয় গৃহ নিৰ্মাণ, ৩০ বিঘা ভূমিত ৬৯১ টা কোঠা নিৰ্মাণ কৰিব প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিয়ে

নিয়মীয়া বাৰ্তা ,২২ আগষ্টঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল ভোজনালয় নিৰ্মাণ আৰু পৰিচালনা উপ সমিতিৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা আজি সংঘৰ জোনাই জিলা শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয়। মূল ভোজনালয় নিৰ্মাণ আৰু পৰিচালনা উপ সমিতিৰ সভাপতি সোমেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ সমিতিৰ সম্পাদক ক্ষীৰোদ বৰাই।সভাত উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদক কমল বৰুৱাই কয় উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সামাজিক, সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ কেবালাখ ভকত-বৈঞ্চৱৰ আগমন ঘটিব। সকলো অতিথিক আপ্যায়ন কৰিবলৈ সকলোৱে চেষ্টা চলাব লাগিব বুলি উল্লেখ কৰি মূল ভোজনালয় কক্ষ যথেষ্ট আহল-বহল হ’ব লাগিব আৰু সুন্দৰ হ’ব লাগিব বুলি বক্তব্য দাঙি ধৰে।সভাত মূল আদৰণি সমিতিৰ উপ সভাপতি দুটিৰাম ভূঞা,সহকাৰী সম্পাদক নোমল কোঁৱৰে পৰ্য্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰি মূল ভোজনালয় নিৰ্মাণ আৰু পৰিচালনা কৰাৰ বাবে উপ সমিতিৰ কৰ্ম-কৰ্তা সকলক উদ্দেশ্যি সাৰুৱা বক্তব্য ৰাখে। মূল ভোজনালয় নিৰ্মাণ আৰু পৰিচালনা উপ সমিতিৰ উপ সভাপতি দেৱৰাম ফুকন, সহকাৰী সম্পাদক সোণটি গোহাঁই উপস্থিত থকা সভাত মূল ভোজনালয় নিৰ্মাণ আৰু পৰিচালনা উপ সমিতিৰ বাবে ১৯ লাখ টকা ধাৰ্য্য কৰে।লগতে দহ হাজাৰ ভকত বহিব পৰাকৈ দুটা বৃহৎ কোঠা নিৰ্মাণৰ সিদ্ধান্ত লয়। আনহাতে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিৰ প্ৰথমখন বৈঠক কালি
সংঘৰ জোনাই জিলা শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয়।প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিৰ সভাপতি প্ৰফুল্ল শেনছোৱাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই উপ সমিতিখনৰ সম্পাদক ৰাতুল চুতীয়াই। সভাত উপস্থিত থাকি মূল আদৰণি সমিতিৰ সভাপতি ড৹ হৰকান্ত পেগুয়ে কয় অধিৱেশনলৈ অহা সকলো শ্ৰেণীৰ ৰাইজৰ বাবে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাখন আটকধুনীয়াকৈ সাজি উলিয়াই  আকৰ্ষণীয় কৰি তোলাৰ লগতে শৃংখলাৱদ্ধভাৱে পৰিচালনা কৰিব লাগিব বুলি বক্তব্য ৰাখে। সংঘৰ জোনাই জিলা শাখাৰ সভাপতি দেবেন গগৈ, মূল আদৰণি সমিতিৰ যুটীয়া সম্পাদক কমল বৰুৱা,ৰন্ধন প্ৰকৰণ আৰু বিতৰণ উপ সমিতিৰ সভাপতি তোলন ফুকন,আদৰণি সমিতিৰ কাৰ্য্যালয় নিৰ্মাণ উপ সমিতিৰ সভাপতি ৰাম পেগু, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিৰ উপ সভাপতি কেশৱ দত্ত প্ৰমুখ্যে উপ সমিতিৰ বহু বিষয়ববীয়া উপস্থিত থকা সভাই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা উপ সমিতিৰ বাবে ২২ লাখ টকা ধাৰ্য্য কৰে।
উপ সমিতিখনে ৩০ বিঘা ভূমিত ৬৯১ টা কোঠা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে অধিৱেশনৰ ব্যৱস্থাপনা আৰু সভা পৰিচালনা উপ সমিতিৰ প্ৰথমখন বৈঠক কালি চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়। উপ সমিতিখনৰ সভাপতি সুনীল দিহিঙ্গীয়াই পৰিচালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সমিতিৰ সম্পাদক কৃঞ্চ বৰাই।সভাত মূল আদৰণি সমিতিৰ যুটীয়া সম্পাদক কমল বৰুৱা, বিত্ত উপ সমিতিৰ সভাপতি জনকান্ত কুম্বাং, সম্পাদক হৰেন্দ্ৰনাথ দুৱৰা, উপদেষ্টা গন্ধেশ্বৰ গগৈ, শিৱিৰ নিৰ্মাণ উপ সমিতিৰ সভাপতি দ্বীপেন গগৈ উপস্থিত থাকি আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনখন সুচাৰুৰূপে আৰু সুন্দৰকৈ পৰিচালনা কৰা ক্ষেত্ৰত ব্যৱস্থাপনা আৰু সভা পৰিচালনা উপ সমিতিৰ গুৰু দায়িত্ব থকাৰ কথা উনুকিয়াই উপ সমিতিখনক সেৱা বাহিনীৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম সম্পাদন কৰি যাবলৈ বক্তা সকলে আহ্বান জনায়। ব্যৱস্থাপনা আৰু সভা পৰিচালনা উপ সমিতিৰ উপ সভানেত্ৰী মৰমী দুৱৰা, সহকাৰী সম্পাদিকা ৰশ্মিৰেখা মোহন,ৰুমী বৰা উপস্থিত থকা সভাত উপ সমিতিখনৰ বাবে চাৰি লাখ টকা ধাৰ্য্য কৰে।আনহাতে জোনাই জিলা আইমাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু চিচি শিৰোমণি আঞ্চলিক শাখাৰ সহযোগত গামোচা, বেজ প্ৰস্তুত উপ সমিতিৰ এখন বৈঠক কালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিলখ বৈঞ্চৱ প্ৰাথমিক নামঘৰত অনুষ্ঠিত কৰা হয়।স্বৰ্ণলতা বৰুৱাই পৰিচালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জোনাই জিলা আইমাতৃ কল্যাণ সমিতিৰ সহকাৰী সম্পাদিকা জ্যোতি পাটৰ নাথে।চিচি শিৰোমণি আঞ্চলিক শাখাৰ অন্তৰ্গত ১১ খন প্ৰাথমিক শাখাই অংশগ্ৰহণ কৰা সভাত আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰয়োজন হোৱা সাত হাজাৰ গামোচা যোগান ধৰাৰ বিষয়ে আলোচনা কৰি ইয়াৰ পৰিকল্পনা হাতত লয়। সভাত গামোচা, বেজ প্ৰস্তুত উপ সমিতিৰ বাবে ৭ লাখ টকা বাজেট গ্ৰহণ কৰে।
You might also like