নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলৰতলৰ ডাম্পিং গ্রাউণ্ডে প্রদূষিত কৰিছে ৰামছাৰ ছাইটৰ পানী

নিয়মীয়া বাৰ্তা,২ ছেপ্টেম্বৰ: ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ (এনজিটি) নির্দেশনা উলংঘা কৰি দীপৰ বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ২০২১ বর্ষৰ আগষ্ট মাহত গুৱাহাটী পৌৰ নিগমে জাবৰ–জোঁথৰ, আৱর্জনা পেলাবৰ বাবে স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটোৱে ইতিমধ্যে এটা বছৰ সম্পূর্ণ কৰিলে৷ বিগত এটা বছৰত পৌৰ নিগমে কেইবাবাৰো বৈজ্ঞানিক পদ্ধতি অৱলমন কৰিহে আৱর্জনা পেলোৱা হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু সেই ঘোষণা কার্যকৰী নোহোৱাত দীপৰ বিলৰ পানী অধিক মাত্রাত প্রদূষিত হৈছে৷ এই অভিযোগ কৰিছে দীপৰ বিলৰ সংৰক্ষণ, সংবর্ধন আৰু বিলখনক এক প্রদূষণমুক্ত ক্ষেত্রলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চই৷ এটা বিবৃতিত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, উপ–সভাপতি বলেশ্বৰ ৰংপী, সাধাৰণ সম্পাদক প্রমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে কয়– গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই বেলৰতলত ২০২১ চনৰ আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰা আৰম্ভ কৰিছিল ডাম্পিং গ্রাউণ্ড৷ এই ডাম্পিং গ্রাউণ্ড সম্পূর্ণ নীতি–বহিঃর্ভূত আৰু বে–আইনী আছিল৷

এনজিটিৰ ৰায় অনুসৰি ‘ছ’লিড ৰাষ্ট মেনেজমেণ্ট বল ২০১৬’ আৰু ‘ৱেটলেও কনজাৰভেচন এণ্ড মেনেজমেণ্ট ৰুল ২০১৭’ৰ নীতি–নির্দেশনা অনুসৰি দীপৰ বিলৰ সংৰক্ষণ কৰাটো বাধ্যতামূলক৷ সেই অনুসৰিয়েই গুৱাহাটী পৌৰ নিগমেও এনজিটিৰ আদালতত শপতনামা দাখিল কৰে৷ গুৱাহাটী পৌৰ নিগমৰ শপতনামা অনুসৰি মহানগৰীৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত মহানগৰীৰ জাবৰ–জোঁথৰৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা কৰিব৷ কিন্তু পৰিতাপৰ কথা যে যোৱা ২৪ মে’ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তগৰাকীৰ আহ্বানমর্মে দীপৰ বিল সুৰক্ষা মঞ্চৰ সঁজাতী দলৰ পৰিদর্শন কালত জাবৰৰ বিকেন্দ্রীকৰণৰ কোনো ব্যৱস্থা কৰা দেখা নাপালে৷ এই কথাই স্পষ্ট কৰি দিয়ে যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই দীপৰ বিল সংৰক্ষণ সন্দর্ভত এনজিটিৰ নীতি–নির্দেশনা চূডান্তভাৱে উলংঘা কৰিছে৷

উল্লেখ্য যে এনজিটিৰ নির্দেশনা অনুসৰিয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত জলাশয় সংৰক্ষণৰ উদ্দেশ্যে বিহিত ব্যৱস্থা গ্রহণৰ বাবে কমিটী গঠন কৰিছিল৷ কিন্তু এই সকলোবোৰ এক নাটক যেন অনুমান হৈছে৷ দীপৰ বিলৰ বিশাল এই আর্দ্রভূমি চৰকাৰে তথাকথিত উন্নয়নৰ দোহাই দি আৰু দুমুখীয়া নীতিৰে বিলখনক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে৷ উল্লেখ্য যে বিগত ২০০২ চনত ৪০ বর্গকিলোমিটাৰ এলেকা সামৰি দীপৰ বিলক আন্তঃৰাষ্ট্রীয় খ্যাতি ৰামছাৰ প্রদূষিত কৰিলে দীপৰ বিলৰ মাটি, পানী, বায়ু৷ মৰা ভৰলু, বশিষ্ঠ নৈ, বাহিনী চিন্তাধাৰা বন্ধ কৰিবলৈ দাবী জনাইছে সুৰক্ষা মঞ্চই৷ মঞ্চই সদৰী কৰা অনুসৰি ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা দীপৰ বিলত এতিয়া মাছ, কাছ নহয়, প্লাষ্টিক, পলিথিন, বা জীৱ–জন্তুৰ ক্ষতি কৰিব পৰা সামগ্রীসমূহহে পানীত উটি–ভাঁহি থাকে৷ পামহী কেনেলেৰে বৈ অহা প্রদূষিত পানী, ডাম্পিং গ্রাউণ্ডত আৱর্জনা পেলাই অহাৰ ফলত ইতিমধ্যে দীপৰ বিলৰ বহু জলজ উদ্ভিদ, মাছকে ধৰি জলজ প্রাণী চিৰদিনৰ বাবে বিলুপ্ত হৈছে৷

You might also like