নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত বিষ্ণুজ্যোতি চুপাৰস্পেচিয়েলিটি হাস্পতালৰ শুভ উদ্বোধন বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ

  

নিয়মীয়া বাৰ্তা,২ ছেপ্টেম্বৰ:  শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিত বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ শুভ উন্মোচন কৰে ৷উক্ত অনুষ্ঠানত নেমকেয়াৰ গ্ৰুপ অফ ইনচ্‌টিটিউচনৰ মেনেজিং ডাইৰেক্টৰ ড° হিতেশ বৰুৱা ,বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ পৰিচালন সঞ্চালক ড°ৰঞ্জিত পাঠক,অসম চৰকাৰৰ মেডিকেল এডভাইচৰি বৰ্ডৰ স্পেচিয়েল মেম্বাৰ ড° প্ৰদীপ কুমাৰ লহকৰ সমন্বিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ শুভ উন্মোচন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনি শুভ উন্মোচন কৰি কৰ্তৃপক্ষক ধন্যবাদ জনায় ৷ঢেকিয়াজুলিবাসী ৰাইজৰ বহুদিনীয়া এটা আশা পূৰণ হ’ল বুলি মন্তব্য কৰি ঢেকিয়াজুলিত উন্নত চিকিৎসাৰ আৰম্ভণি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷এইখন ব্যক্তিগত চিকিৎসালয় ব্যৱসায়িক কেন্দ্ৰস্থল হ’ব নালাগে ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত নিয়োজিত সমূহ চিকিৎসক,নাৰ্চ সমন্বিতে চিকিৎসা কৰ্মীক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৷এইটো এটা ভাল অনুষ্ঠান হৈছে ৷যিসকল ঢেকিয়াজুলিবাসী ৰাইজে উন্নত চিকিৎসাৰ বাবে ঢেকিয়াজুলিৰ পৰা তেজপুৰ, গুৱাহাটী তথা বহিঃৰাজ্যলৈ যাব লাগে সেইসকল লোকে যেন সকলো চিকিৎসাৰ সুবিধা এইখন চিকিৎসালয়ত লাভ কৰে তাৰবাবে চিকিৎসালয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় চিকিৎসালয়খনৰ উন্মোচক স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ।

ইয়াৰ পিছতে উক্ত অনুষ্ঠানত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত স্থাপিত নেমকেয়াৰ গ্ৰুপ অফ ইনচ্‌টিটিউচনৰ মেনেজিং ডাইৰেক্টৰ ড° হিতেশ বৰুৱাই ভাষণ প্ৰদান কৰি কয় যে এটা অনুষ্ঠান সূচাৰুৰূপে চলিবলৈ হ’লে কৰ্তৃপক্ষৰ লগতে ৰাইজেও সহযোগিতা আগবঢ়াব লাগে। সেই অনুপাতে উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বিষ্ণুজ্যোতি চুপাৰস্পেচিয়েলিটি হস্পিতাল কৰ্তৃপক্ষই ৰাইজক উন্নত চিকিৎসা সেৱা দিবলৈ অকুণ্ঠ প্ৰচেষ্টা গ্ৰহণ কৰিব এইক্ষেত্ৰত নেমকেয়াৰ হস্পিতাল কৰ্তৃপক্ষৰ ফালৰ পৰাও সকলো দিশতে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে ৷চিকিৎসালয় কৰ্তৃপক্ষক মানৱীয় মহানুভৱতা প্ৰদৰ্শন কৰি সকলো শ্ৰেণীৰ ৰাইজক চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনাই ভাষণৰ মাজতে “সৰগী ভকতিৰে মানৱী সেৱা ”শীৰ্ষক এটি স্বৰচিত গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক বিমুগ্ধ কৰে ৷উক্ত অনুষ্ঠানতে ঢেকিয়াজুলিৰ বিশিষ্ট ব্যক্তি,জ্যেষ্ঠ সাংবাদিক ৰমেশ চন্দ্ৰ বৰা,বিশিষ্ট সমাজকৰ্মী বিধূভূষণ ৰয়,ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱ ভূষণ মহন্তৰ লগতে ঢেকিয়াজুলিস্থ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা নিত্য বৰকটকী ইত্যাদি বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ঢেকিয়াজুলিৰ বিশিষ্ট ব্যক্তি,জ্যেষ্ঠ সাংবাদিক ৰমেশ চন্দ্ৰ বৰা,বিশিষ্ট সমাজকৰ্মী বিধূভূষণ ৰয়,ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱ ভূষণ মহন্তই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি শ্বহীদ তীৰ্থৰ ৰাইজৰ বহুদিনৰ আশা পূৰণ হ’ল বুলি মন্তব্য কৰি একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কিদৰে সম্পূৰ্ণ ব্যৱসায়িক মনোভাৱেৰে ৰোগী তথা অভিভাৱকক মানৱীয় দৃষ্টিৰে নহয় ব্যৱসায়িক দৃষ্টিৰে চোৱাচিতা কৰি চৰম হাৰাশাস্তি কৰে সেই সন্দৰ্ভত উল্লেখ কৰে ৷

ঢেকিয়াজুলিত ন কৈ স্থাপন হোৱা বিষ্ণুজ্যোতি চুপাৰস্পেচিয়েলিটি হস্পিতালৰ কৰ্তৃপক্ষই ৰোগীৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত মানৱীয় প্ৰমূল্যবোধেৰে সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে ৷বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ পৰিচালন সঞ্চালক ড°ৰঞ্জিত পাঠকে সংবাদমাধ্যমত জনায় যে, চিকিৎসালয়খনৰ জৰিয়তে ৰাইজক সেৱা কৰাৰ এটা সুযোগ লাভ কৰিছো ৷চিকিৎসালয়খনৰ জৰিয়তে সকলো প্ৰকাৰে ৰাইজক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি মন্তব্য কৰে ৷বৰ্তমান মেডিচিনৰ পৰা কাৰ্ডিঅ’লজি,নিউৰ’লজি,পেডিট্ৰিচিয়ান,ইউৰোলজিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ এম ডি চিকিৎসকসকলে সেৱা আগবঢ়াব বুলি মন্তব্য কৰে বিষ্ণুজ্যোতি চুপাৰ স্পেচিয়েলিটি হস্পিতালৰ পৰিচালন সঞ্চালক ড°ৰঞ্জিত পাঠকে ৷চিকিৎসালয়খন ২০ খন বিচনাযুক্ত হ’ব বুলি মন্তব্য কৰে পৰিচালন সঞ্চালকগৰাকীয়ে।

প্ৰেৰকঃ কল্পজ্যোতি নাথ,ঢেকিয়াজুলি

You might also like