মহানগৰীত পৰিবহণ বিভাগৰ অভিযানত স্কুলবাছসহ ৭০ বাহন জব্দ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বাৰম্বাৰ আবেদন–নিবেদন জনোৱাৰ উপৰি কঠোৰ সকীয়নি প্রদানৰ পিছতো বিলাসী বাহনকে ধৰি বহু ব্যৱসায়িক বাহনে এতিয়াও নথিপত্র নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়াকৈ সম্পূর্ণ বে–আইনীভাৱে ৰাজপথত যান–বাহন চলাই থকা কার্যই ৰাজ্যৰ পৰিবহণ বিভাগক কঠোৰৰো কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য কৰাইছে৷
উল্লেখ্য যে সমগ্র অসমত বিলাসী বাহনকে ধৰি বিভিন্ন ব্যৱসায়িক বাহনে ২০০কোটিৰো অধিক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ থকাৰ বিপৰীতে স্বয়ং গুৱাহাটী মহানগৰীতে এতিয়াও ৭০ কোটিতকৈও অধিক টকাৰ বকেয়া কৰ আদায় দিয়া নাই৷ শেহতীয়াকৈ এনেকুৱা দায়িত্বজ্ঞানহীন বাহনৰ মালিকৰ বিৰুদ্ধে দিনে–ৰাতিয়ে অবিৰাম অভিযানত নামি ইখনৰ পিছত সিখনকৈ বাহন জব্দ কৰি জৰিমনাসহ কৰ আদায় কৰিছে পৰিবহণ বিভাগে৷ মঙলবাৰে মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি গুৰুত্বপূর্ণ স্থানত অকর্তৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিয়াগোম অভিযানকাৰী দল৷
সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত বিভাগৰ বিষয়া–কর্মী কেইবাটাও ভাগত বিভক্ত হৈ মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি বিভিন্ন অঞ্চলৰ ৰাজপথত ১২০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলায়৷ তালাচীৰ সময়ত দীর্ঘদিন ধৰি যান–বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্র নৱীকৰণৰ ক্ষেত্রত ধৰা পৰা বিভিন্ন বিসংগতিত ২০০ৰো অধিক বাহনৰ বিৰুদ্ধে যান–বাহন আইনৰ অধীনত থিতাতে গোচৰ ৰুজু কৰি দীর্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত কেইবাখনো স্কুলবাছসহ ৭০খনৰো অধিক বাহন জব্দ কৰে৷