নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সর্বাধিক প্রদূষিত ১০০ চহৰৰ তালিকাত ভাৰতৰ ৬৩

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ২০২১ বর্ষত ভাৰতৰ বায়ু প্রদুষণ অতি ভয়াৱহ হৈছে৷ ছুইছ কোম্পানী আই কিউ এ আৰৰ দ্বাৰা প্রকাশিত বিশ্ব বায়ুমান প্রতিবেদনত ভাৰতৰ বায়ু প্রদূষণৰ ভয়াৱহ তথ্য প্রকাশ পাইছে৷ প্রলম্বিত কণিকা পিএম ২.৫ প্রতি ঘন মিটাৰত ৫৮.১ মাইক্র’গ্রামৰ আধাৰত প্রস্তুত কৰা বিশ্বৰ সর্বাধিক প্রদূষিত ১০০খন চহৰৰ তালিকাত ভাৰতৰ ৬৩খন চহৰেই স্থান লাভ কৰিছে৷

বিশ্ব স্বাস্থ্য সংস্থাই বায়ুমান নির্দেশনা অনুযায়ী প্রতি ঘন মিটাৰত ৫৮.১ মাইক্র’গ্রাম হৈছে বিশুদ্ধ বায়ুমানতকৈ ১০ গুণ অধিক৷ ১০০ চহৰৰ তালিকাৰ শীর্ষ স্থানত ৰাজস্থানৰ ভিৱাড়ীয়ে স্থান পোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে উত্তৰ প্রদেশৰ গাজিয়াবাদ৷ লক্ষণীয় যে বিশ্বৰ সবাতোকৈ প্রদূষিত ৰাজধানীৰ তালিকাত দিল্লী একেৰাহে দ্বিতীয়বাৰৰ বাবে চতুর্থ স্থানত আছে৷ ৰাজধানী চহৰখনত বিগত বর্ষৰ তুলনাত বায়ু প্রদূষণ প্রায় ১৫ শতাংশ বৃদ্ধি পাইছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সুৰক্ষিত সীমাতকৈ প্রায় ২০ গুণ অধিক বায়ু প্রদূষণৰ মাত্রা ৰাজধানী দিল্লীত৷ দিল্লীত বার্ষিক পি এম ২.৫ৰ সীমা ৯৬.৪ মাইক্র’গ্রাম প্রতি ঘন মিটাৰত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সুৰক্ষিত সীমা ৫৷ বিশ্বৰ ১৫ প্রদূষিত চহৰৰ ভিতৰত ১০খনেই ভাৰতৰ৷ আৰু ইয়াৰে অধিকাংশই প্রদেশৰ ৰাজধানী৷ ১০০খনৰ তালিকাত স্থান পোৱা ৬৩খন চহৰৰ ভিতৰত উত্তৰ প্রদেশ আৰু হাৰিয়ানাত আছে আধাতকৈ বেছি৷ মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাই, পশ্চিমবংগৰ ৰাজধানী কলকাতা আদি চহৰো ভয়াৱহ প্রদূষণৰ কবলত আছে৷ শীর্ষ ১০ত স্থান পোৱা চহৰকেইখন হৈছে তৃতীয় স্থানত চীনৰ হোটান, পঞ্চম স্থানত ভাৰতৰ জোনপুৰ, ষষ্ঠ স্থানত পাকিস্তানৰ ফৈজলাবাদ, সপ্তম স্থানত ভাৰতৰ নয়দা, অষ্টম স্থানত পাকিস্তানৰ বাহাৱালপুৰ, নৱম স্থানত পাকিস্তানৰে পেছৱাৰ আৰু দশম স্থানত ভাৰতৰ বাগপট৷ উল্লেখ্য যে এই প্রতিবেদনত ১১৭খন দেশৰ ৬ হাজাৰৰ অধিক চহৰৰ বায়ুমান সমীক্ষা চলোৱা হৈছিল৷

You might also like