নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিগ বাছ লীগ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বিগ বাছ লীগৰ দশম সংস্কৰণত ক’ভিড–১৯ৰ কোনো ধৰণৰ প্রভাৱ নপৰে৷ অষ্ট্রেলিয়াৰ জনপ্রিয় এই ক্রিকেট প্রতিযোগিতাখন অহা তিনি ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ফাইনেল মেচখন ৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ক্রিকেট অষ্ট্রেলিয়াই আজি এইকথা সদৰী কৰিছে৷

বিগ বাছ লীগৰ দশম সংস্কৰণৰ উদ্বোধনী মেচখন ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব আৰু এই মেচখনত ভাগ ল’ব এডিলেইড ষ্ট্রাইকাৰ আৰু আয়োজক মেলব’ন ৰেনেগেডছে৷ আনহাতে, মহিলা বিগ বাছ লীগৰ ষষ্ঠ সংস্কৰণটো ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু উদ্বোধনী মেচখনত ডিফেণ্ডিং চেম্পিয়ন ব্রিছবেন হিটে এডিলেইড ষ্ট্রাইকার্ছৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মহিলা বিগ বাছ লীগখন ২৯ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে পুৰুষৰ বিগ বাছ লীগৰ দশম সংস্কৰণটোত এইবাৰ মুঠ ৫৬খন মেচ অনুষ্ঠিত হ’ব৷ বিগত ছিজনতকৈ এইবাৰ ১১খন অধিক মেচ খেলোৱা হ’ব৷

You might also like