নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাউকুছি–দক্ষিণগাঁও বজাৰত গুণ্ডাকৰ সংগ্রহ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ একাংশ অসাধু লোকে মহানগৰীৰ বজাৰত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সাউকুছিৰ বুধবৰীয়া সাপ্তাহিক বজাৰত লেছীয়ে জোৰ–জুলুমকৈ ব্যৱসায়ীৰ পৰা পৌৰ নিগমে নির্ধাৰণ কৰি দিয়া মাচুলতকৈ অতিৰিক্তভাৱে কৰ সংগ্রহ কৰি আহিছে৷ জিএমচিৰ একাংশ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি সাউকুছিৰ বুধবৰীয়া সাপ্তাহিক বজাৰত ৰাজেন মেধি নামৰ লোকজনৰ গুণ্ডাবাহিনীয়ে ক্ষুদ্র ব্যৱসায়ীসকলৰ পৰা ভয়–ভাবুকিৰে ১০০ টকাকৈ সংগ্রহ কৰি আহিছে৷

সাউকুছি বজাৰত ব্যৱসায় কৰি অহা ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি ৰাজেন মেধিৰ গুণ্ডাবাহিনীয়ে প্রতিজন ব্যৱসায়ীৰ পৰা ১০০ টকাকৈ সংগ্রহ কৰাৰ উপৰি দৈনিক উক্ত স্থানত ব্যৱসায় চলোৱা শাক–পাচলি ব্যৱসায়ীসকলৰ পৰা প্রতিদিনে ৫০ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰে৷ সাউকুছিৰ সাপ্তাহিক বুধবৰীয়া বজাৰত ৫ শতাধিক ব্যৱসায়ীয়ে ব্যৱসায়ৰ বাবে আহে৷ এই ব্যৱসায়ীসকলৰ পৰা ৰাজেনৰ গুণ্ডাবাহিনীয়ে ১০০ টকাকৈ সংগ্রহ কৰি প্রতি সপ্তাহত ৫০ হাজাৰ টকাৰ কৰ সংগ্রহ কৰে৷

ইয়াৰ উপৰি সাউকুছিৰ পদপথত ব্যৱসায় কৰা শতাধিক ব্যৱসায়ীৰ পৰা দৈনিক ৰাজেনৰ গুণ্ডাবাহিনীয়ে ৫০ টকাকৈ সংগ্রহ কৰে৷ শাক–পাচলিৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি অহা এই ক্ষুদ্র ব্যৱসায়ীসকলৰ পৰা ৰাজেন বাহিনীয়ে দৈনিক ৫ হাজাৰ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰে৷ প্রতিমাহে ৰাজেন বাহিনীয়ে সাউকুছিৰ সাপ্তাহিক বজাৰৰ পৰা ২ লক্ষাধিক টকা আৰু দৈনিক বজাৰৰ পৰা ১.৫ লক্ষাধিক টকা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ কেৱল এয়াই নহয়, ৰাজেন বাহিনীয়ে দক্ষিণগাঁও সাপ্তাহিক বজাৰৰ পৰাও ১০০ টকাকৈ ব্যৱসায়ীসকলৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷

দক্ষিণগাঁও শনিবৰীয়া সাপ্তাহিক বজাৰত এহাজাৰৰো অধিক ব্যৱসায়ীয়ে ব্যৱসায় কৰে৷ এই ব্যৱসায়ীসকলৰ পৰা প্রতি শনিবাৰে ৰাজেন বাহিনীয়ে ১ লক্ষাধিক টকা গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ উল্লেখ্য যে প্রতিমাহে এই দুয়োখন বজাৰৰ পৰা ৮ লক্ষাধিক টকা ৰাজেন বাহিনীয়ে সংগ্রহ কৰি আহিছে৷ পৌৰ নিগমৰ একাংশ বিষয়াৰ জ্ঞাতসাৰে ৰাজেন বাহিনীৰ গুণ্ডাকৰ বন্ধ কৰাৰ বাবে ভুক্তভোগী ব্যৱসায়ীসকলে পৌৰ আয়ুক্ত, মহানগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like