নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ মহানগৰীত যান–বাহন পার্কিঙৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ একাংশ লেচীয়ে অবৈধভাৱে যান–বাহনৰ গৰাকীৰ পৰা পার্কিঙৰ নামত ধন সংগ্রহ কৰাৰ উপৰি যান–বাহনৰ গৰাকীক হাৰাশাস্তি কৰাৰ প্রতি লক্ষ্য ৰাখি জিএমচিয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ গুৱাহাটীৰ ১১টা স্থানত পার্কিং মাচুল সংগ্রহ কৰাৰ বিপৰীতে জনসাধাৰণৰ সুবিধার্থে ৫২টা পার্কিং আস্থান পৌৰ নিগমে সম্পূর্ণকৈ বিনামূলীয়া ঘোষণা কৰিছে৷ পৌৰ আয়ুক্ত দেৱাশিস শর্মাই ঘোষণা কৰা মতে, যান–বাহন পার্কিঙৰ নামত ধন সংগ্রহ কৰা আস্থানকেইটা হৈছে ক্রমে কটন কলেজিয়েট পথ, ড০ জে চি দাস পথ, এইচ বি ৰোড, ব্যাপ্ঢিষ্ট চার্চ, আৰ পি ৰোড বি কে টাৱাৰ, এইচ বি ৰোড খুবচান্দ, ভঙাগড় উৰণীয়া সেতুৰ তলৰ পার্কিং আস্থান, আদাবাৰী বাছ টার্মিনেল, ফাঁচীবজাৰ বেচমেণ্ট, লাচিত ঘাট আৰু গশেণগুৰি উৰণীয়া সেতুৰ তলৰ বজাৰৰ সমীপৰ পার্কিং আস্থান৷

এইকেইটা পার্কিং আস্থানত যান–বাহন ৰখালে মাচুল ভৰিব লাগিব৷ দুচকীয়া বাহন প্রথম দুঘণ্টাত ৫ টকাৰ বিপৰীতে চাৰিচকীয়া বাহনৰ ক্ষেত্রত প্রথম দুঘণ্টাত ১০ টকা আদায় দিব লাগিব৷ অৱশ্যে দুঘণ্টাৰ পাছত প্রতি ঘণ্টাত অতিৰিক্ত পাঁচ টকা আদায় দিব লাগিব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ ইয়াৰ বিপৰীতে মহানগৰীৰ অন্যান্য স্থানত থকা ৫২টা পার্কিং আস্থান সর্বসাধাৰণ লোকৰ বাবে বিনামূলীয়া বুলি পৌৰ আয়ুক্তগৰাকীয়ে সদৰী কৰে৷ সেয়েহে এই নির্দিষ্ট পার্কিং আস্থানৰ বাহিৰে আন ঠাইত বাহন ৰখালে কোনো লোকে যদি পার্কিং মাচুল বিচাৰি বাহনৰ গৰাকীক হাৰাশাস্তি কৰে তেন্তে বাহনৰ গৰাকীয়ে জিএমচিক অভিযোগ দিব পাৰিব৷ সাধাৰণ লোকৰ সুবিধাৰ বাবে জিএমচি কর্তৃপক্ষই অভিযোগ দাখিলৰ বাবে মুকলি কৰা নম্বৰকেইটা হৈছে– ৮৮১১০–০৭০০০, ৭৩৯৯০–০৩০০১, ৭৩৯৯০–০৩০০২, ৭৩৯৯০–০৩০০৩ আৰু ৭৩৯৯০–০৩০০৪৷ ইপিনে, অবৈধভাৱে পার্কিং মাচুল সংগ্রহ কৰাৰ অভিযোগত কালি পল্টন বজাৰ আৰক্ষীয়ে দুজন ভুৱা লেচীক গ্রেপ্তাৰ কৰে৷ ধৃত ভুৱা লেচী দুটা চাণক্য পাঠক আৰু বাবলু ৰায়৷ উল্লেখ্য যে ভুৱা লেচী দুটাই জিএমচিৰ পুৰণা নথিৰে ধন সংগ্রহ কৰি আছিল৷

You might also like