নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত পদক জয়ী অৱনীলৈ মহিন্দ্ৰাৰ নতুন বাহন উপহাৰ

টকিঅ’ত অনুষ্ঠিত পেৰা অলিম্পিকত পদক জয়ী অৱনী লেখাৰাক মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই এখন নতুন ম’ডেলৰ বাহন উপহাৰ দিলে। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ নতুন বাহন XUV700 গোল্ড এডিছন বিশেষভাৱে সক্ষম খেলুৱৈগৰাকীলৈ আগবঢ়ালে। উল্লেখনীয় যে, এই বাহনখন বিশেষভাৱে সক্ষমসকলৰ প্ৰতি গুৰুত্ব দি তৈয়াৰ কৰা হৈছে। মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই ২০২১ চনৰ আগষ্টতে লেখাৰালৈ এই উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। পেৰা অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতীয় খেলুৱৈ এগৰাকীয়ে সোণৰ পদক জয় কৰাৰ পাছতে এই উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল কোম্পানীটোৱে।

You might also like