নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনক আক্রমণ কৰিব ৰাছিয়াই!

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ পৰিস্থিতিৰ হঠাতে অৱনতি ঘটিছে৷ যিকোনো মুহূর্ততে ৰাছিয়াই আক্রমণ কৰিব পাৰে ইউক্রেইনৰ ওপৰত৷ ইউক্রেইনত ৰাছিয়াই আক্রমণ চলাব পাৰে বুলি আশংকা কৰিছে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে৷ উল্লেখনীয় যে ইউক্রেইন সীমান্তত প্রায় ১ লাখ ৰুজ সৈনিক যুদ্ধৰ বাবে সস্তম হৈ আছে৷ ইফালে, টেংক আৰু অন্যান্য সমৰাস্ত্রও সাজু কৰিছে ৰাছিয়াই৷ গতিকে ৰাছিয়াৰ এই সম্ভাব্য আক্রমণক প্রতিৰোধ কৰিবলৈ চিন্তা–চর্চা চলাইছে আমেৰিকা তথা ইউৰোপে৷ ইতিমধ্যে মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেনে আজি গৈ ইউক্রেইনৰ ৰাজধানী কিয়েভত উপস্থিত হৈছে৷ বার্ণিলত ইউৰোপীয়ান নেতৃত্ব আৰু ৰাছিয়াৰ বিদেশ মন্ত্রীৰ সৈতে মিলিত হোৱাৰ পূর্বে ইউক্রেইনৰ ৰাষ্ট্রপতিৰ সৈতে আলোচনাত মিলিত হৈছে ব্লিংকেন৷ স্মর্তব্য যে ৰাছিয়াই বাৰে বাৰে ইউক্রেইনৰ ওপৰত আক্রমণ চলোৱাৰ কোনো পৰিকল্পনা নাই বুলি ঘোষণা কৰিছে যদিও দেশখনৰ সীমান্তত সেনা মোতায়েন কৰি ৰখা বিষয়টোক লৈ আমেৰিকা আৰু ইউৰোপে আশংকা প্রকাশ কৰি আহিছে৷ অৱশ্যে ইয়াৰ সমান্তৰালভাৱে কূটনৈতিক আলোচনাও চলাই আছে ৰাছিয়া, আমেৰিকা আৰু অন্যান্য দেশে৷

You might also like