নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পামহীৰ বৰ্জ্য পদাৰ্থৰ বাবে দীপৰ বিললৈ চৰম ভাবুকি

দেশী বিদেশী চৰাইৰ বিচৰণথলী আৰু এটা সময়ত চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিক ৰামছৰ ক্ষেত্ৰত  স্থান লাভ কৰা দীপৰ বিললৈ চৰম ভাবুকি কঢ়িয়াই দীপৰ বিল সংযোগী পামহী নদীৰে বিগত কেবাদিনো ধৰি উটি আহি আছে জলজ প্ৰাণী আৰু উদ্ভিদৰ ক্ষতি কৰিব পৰা প্লাষ্টিক, পলিথিন আৰু থাৰ্মোকল জাতীয় সামগ্ৰী।

যাৰ ফলত দীপৰ বিলৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দীপৰ বিল সুৰক্ষা মঞ্চ, দীপৰ বিল পাছপৰা সমবায় সমিতিকে ধৰি দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা কেবাটাও দল সংগঠনে।

এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি ডেভিড হেনৰী টেৰণ, উপ সভাপতি সুশীল টেৰণ, সাধাৰণ সম্পাদক তথা পৰিবেশ কর্মী  প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে বিগত  পামহী নদী (কেনেল) ৰে বিগত প্ৰায় দুই সপ্তাহ ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা মানৱ আৰু জীৱ-জন্তুৰ দেহৰ ক্ষতিসাধন কৰিব পৰা প্লাষ্টিক,পলিথিন, থাৰ্মোকলসহ তেনে ধৰণৰ বৰ্জিত সামগ্ৰীসমুহ দীপৰ বিললৈ উটি আহিছে।

সেই উটি অহা দূষিত সামগ্ৰীসমুহ গুৱাহাটী পৌৰ নিগমে প্ৰায় পাঁচ বছৰ পূৰ্বে বৰাগাঁৱৰ বেলৰতলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ সমীপত থকা পানী মেটেকাৰ দমত লাগি ধৰিছে। ডাম্পিং গ্ৰাউণ্ডৰ ওচৰতে ৰাজ্য চৰকাৰে ছয় বছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলনত অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদৰ ত্যাগৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰা শ্বহীদ স্মাৰকৰ দক্ষিণ দিশৰ সীমাতে সেই প্লাষ্টিক , পলিথিন, থাৰ্মোকল সমুহ আবদ্ধ হৈ আছে।

পানী মেটেকাসমুহ অলপ আঁতৰি গলেই তাৰ পৰা কিছু নিলগত থকা দীপৰ বিলত পৰিব সেই বৰ্জিত সামগ্ৰী বা পদাৰ্থসমুহ। একে সময়তে পৌৰ নিগমে দীপৰ বিলৰ পৰা কিছু নিলগত বৰাগাঁৱৰ বেলৰতলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা পামহী নদীৰে অহৰহ ভাবে বৈ অহা দূষিত পানীভাগেও বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে।

যাৰ বাবে পূৰ্বৰ দৰে নহা হৈছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই  মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ। বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ। ভয়াবহভাবে পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি  আগৰ দৰে  জলকেলি নকৰে বনৰীয়া হাতীয়ে।

যদিহে গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ বা বিভাগে দীপৰ বিল সংযোগী পামহী নদীৰে গুৱাহাটীৰ বৰ্জিত পদাৰ্থ বা সামগ্ৰীসমুহ উটি অহা কাৰ্য বন্ধ নকৰে তেন্তে দীপৰ বিলৰ লগতে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানা নৈলৈও চৰম ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত।

ইফালে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে জানিবলৈ দিয়া মতে এটা সময়ত সোৱাদযুক্ত মাছৰ বাবে বিখ্যাত দীপৰ বিলৰ পানীভাগ পামহী নদীৰে উটি অহা প্লাষ্টিক, পলিথিন, থাৰ্মোকল জাতীয় সামগ্ৰীৰে অতি ভয়াবহভাবে প্ৰদূষিত হৈ পৰা বাবে মাছ-কাছ, জলজ উদ্ভিদ বংশ বৃ্দ্ধি কাৰ্য বাধাপ্ৰাপ্ত হৈছে।

মহানগৰ বাৰ্তা, আজাৰা, ১৪ জুলাই

You might also like