পৰিয়ালকেন্দ্ৰিক কাজিয়াই ভয়ংকৰ ৰূপ লোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এখন গহনাৰ দোকানৰ ভিতৰত সংঘটিত হোৱা এই ঘটনাত গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি।
জানিব পৰা মতে, ভিনীহিয়েক অৰূপ বৈশ্য আৰু খুলশালিয়েক ৰাহুল দাসৰ মাজত সংঘটিত হয় তীব্ৰ কাজিয়া। কাজিয়াৰ মাজতে বিপণীখনত থকা এচিড অৰূপ বৈশ্যৰ গাত পৰি যায়, যাৰ ফলত তেওঁ গুৰুতৰভাৱে দগ্ধ হয়।
আহত অৰূপ বৈশ্যক তৎকালীনভাৱে চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে।
ইতিমধ্যে ঘটনাৰ সৈতে জড়িত দুজনক ওদালবাক্ৰা আৰক্ষীয়ে আটক কৰিছে। আটকাধীন ব্যক্তিসকল হৈছে ৰাহুল দাস আৰু পখিলা দাস। ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল