নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰেছিং ৰুমত Vape সেৱন : ৰিয়ান পৰাগক জৰিমনা BCCI-ৰ

আইপিএল ২০২৬ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক লৈ সৃষ্টি হোৱা ‘Vape’ বিতৰ্কত অৱশেষত ব্যৱস্থা গ্ৰহণ কৰিছে BCCI-এ।

জানিব পৰা মতে, চলিত ছিজনৰ ৪০নং মেচত ড্ৰেছিং ৰুমৰ ভিতৰত ৰিয়ানক ভেপ (ই-চিগাৰেট) ব্যৱহাৰ কৰা অৱস্থাত দেখা গৈছিল। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল, কাৰণ ভাৰতত ই-চিগাৰেট নিষিদ্ধ।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত IPL কৰ্তৃপক্ষই জাৰি কৰা এক বিজ্ঞপ্তিত জনোৱা হৈছে যে ৰিয়ান পৰাগৰ মেচ ফীৰ ২৫ শতাংশ জৰিমনা কটা হৈছে। ইয়াৰ লগতে খেলুৱৈ আৰু টীম অফিচিয়েলৰ আচৰণ বিধিৰ লেভেল-১ ভংগ কৰাৰ বাবে তেওঁক ১টা ডিমেৰিট পইণ্টো দিয়া হৈছে।

IPLৰ বিবৃতিত উল্লেখ কৰা হৈছে যে ৰিয়ানে আচৰণ বিধিৰ অনুচ্ছেদ ২.২১ উলংঘা কৰিছে, যি “খেলৰ প্ৰতিষ্ঠা ক্ষুণ্ণ কৰা আচৰণ”ৰ সৈতে সম্পৰ্কিত। ঘটনাটো দ্বিতীয় ইনিংছৰ সময়ত সংঘটিত হৈছিল, যেতিয়া তেওঁ ড্ৰেছিং ৰুমত Vape ব্যৱহাৰ কৰা অৱস্থাত ধৰা পৰে।

পিছত ৰিয়ানে নিজৰ দোষ স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শর্মাৰ জৰিমনাক গ্ৰহণ কৰিছে বুলি জনোৱা হৈছে।

ইফালে, BCCIয়ে IPLৰ মৰ্যাদা অটুট ৰাখিবলৈ এনে ঘটনাত জড়িত টীম, অফিচিয়েল আৰু খেলুৱৈৰ বিৰুদ্ধে আগন্তুক সময়ত অধিক কঠোৰ ব্যৱস্থা লোৱাৰ বিকল্পসমূহো বিবেচনা কৰি আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পঞ্জাব কিংছৰ বিৰুদ্ধে মুল্লানপুৰত অনুষ্ঠিত মেচখনত এই ঘটনা সংঘটিত হৈছিল, যাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ব্যাপক আলোচনা-সমালোচনাৰ সৃষ্টি হৈছিল।

ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল

You might also like