আদাবাৰীত পানী পৰিবাহী পাইপ ফুটি কৃত্রিম বানঃ ব্যাহত যাতায়াত
গেমন ইণ্ডিয়াৰ দায়িত্বহীনতাৰ কুফল ভুগিছে মহানগৰবাসীয়ে
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ গেমন ইণ্ডিয়াৰ দায়িত্বহীনতাৰ বাবেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পানীৰ পাইপ ফুটি কৃত্রিম বানৰ সৃষ্টি হোৱা ঘটনা সংঘটিত হৈ আহিছে৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈ অহাৰ সময়তে পানীৰ পাইপ ফুটি হাজাৰ হাজাৰ লিটাৰ পানী নষ্ট হৈ আহিছে৷ গেমন ইণ্ডিয়া কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু দায়িত্বহীনতাৰ বাবেই আজি পুনৰ আদাবাৰীত পানীৰ পাইপ ফুটি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ দীর্ঘদিন ধৰি পানী পৰিবাহী পাইপ অর্ধনির্মিতভাৱে পেলাই ৰখাৰ ফলতে হঠাৎ আজি পানীৰ পাইপডাল ফাটি পৰে৷ পানীৰ পাইপৰ পৰা ওলোৱা ফোৱৰা কেইবামিটাৰ ওপৰলৈ যোৱাৰ লগতে ওচৰতে থকা কেইবাখনো দোকানত পানী সোমাই বহু সা–সামগ্রী নষ্ট হয়৷ কর্তব্যৰত যান–বাহন আৰক্ষীয়ে পানী পৰিবাহী পাইপডালেদি ওলোৱা পানী ৰখোৱাৰ চেষ্টা চলায়৷ সদাব্যস্ত আদাবাৰীৰ ৰাজপথত এনেদৰে পানীৰ পাইপ ফাটি কৃত্রিম বানৰ সৃষ্টি হোৱাৰ লগতে যান–বাহনৰ চলাচল ব্যাহত হৈ পৰে৷ ফলত কেইবাঘণ্টা ধৰি মালিগাঁৱৰ পৰা জালুকবাৰীলৈকে তীব্র যান–জঁটৰ সৃষ্টি হয়৷ গেমন ইণ্ডিয়াৰ দায়িত্বহীনতাৰ বাবেই এনেদৰে মহানগৰীৰ বিভিন্ন স্থানত পানীৰ পাইপ ফাটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ ইফালে, পানীৰ পাইপ মেৰামতিৰ বাবে বিভাগীয় কর্তৃপক্ষই চেষ্টা চলায় যদিও সম্পূর্ণৰূপে পাইপ মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই৷