নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰ হস্তান্তৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কপিল বিমান বন্দৰ চৌহদ

নিয়মীয়া বার্তা , ৮ অক্টোবৰ : দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো বৃহস্পতিবাৰে মাজনিশা ঘড়ীৰ কাটাই বাৰ বাজি যোৱাৰ লগে লগে পূৰ্ব নিৰ্ধাৰিত চুক্তি অনুসৰি আদানি গ্রুপলৈ হস্তান্তৰ কৰা হয় । ইয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে মাজনিশাৰ পূৰ্বে এয়াৰপৰ্ট অথৰিটী এম্পলয়িজ ইউনিয়নৰ আহ্বান মৰ্মে বিমান বন্দৰ চৌহদত শতাধিক কৰ্মচাৰীয়ে হাতে হাতে মমবাতি লৈ প্ৰতিবাদী সমদল উলিয়াই ।

আনহাতে শুকুৰবাৰে পুৱাৰে পৰা আদানি গ্রুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে । প্রথমতে বিমান বন্দৰৰ সমীপৱৰ্তী কৈটাসিদ্ধি আৰু ৰাইবড়ি গাঁৱৰ ৫৪ ঘৰ মানুহৰ মুঠ ৫৫ বিঘা, ২ কঠা, ৩.৫০ লেচা মাটি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ বাবে আৱশ্যক হোৱাত ইয়াৰ তীব্ৰ বিৰোধিতা কৰি স্থানীয় ৰাইজসহ বিভিন্ন দল সংগঠনে দিনৰ ১১ বজাত বিমান বন্দৰলৈ এক প্ৰতিবাদী সমদল উলিয়ায় । কৈটাসিদ্ধি সত্ৰৰ পৰা শতাধিক প্ৰতিবাদীয়ে হাতে হাতে বেনাৰ-ফেষ্টুনলৈ গোপীনাথ বৰদলৈ আন্তু:ৰাষ্ট্ৰীয় বিমান বন্দৰ আদানীক গতাই দিয়াৰ লীজ চুক্তি বাতিল কৰক , কৈটাসিদ্ধি,ৰায়বড়ী, পুখুৰীপাৰৰ ভূমি অধিগ্ৰহনৰ জাননী প্ৰত্যাহাৰ কৰক, ২১৬ বছৰীয়া কৈটাসিদ্ধি সত্ৰ অধিগ্ৰহনৰ জাননী প্ৰত্যাহাৰ কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ভি আই পিহৈ বৰঝাৰ বিমান বন্দৰ অভিমুখে সমদলকাৰী সকলে আগবাঢ়ে । কিন্ত পূৰ্বৰে পৰা আজাৰাৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতি আৰু বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কলিতাসহ আৰক্ষী চিআৰপি এফৰ দলে তেওঁলোকক বিমান বন্দৰ পোৱাৰ পূৰ্বে বাধা প্ৰদান কৰে ।

অৱশ্যে সমদলকাৰী দলটোৱে তেতিয়া অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আদানি গ্রুপক বিমান বন্দৰ হস্তান্তৰৰ বিৰুদ্ধে আৰম্ভ কৰা দুঘণ্টীয়া মৌন প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় । কাৰ্যসূচীত সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ বৰা , সম্পাদকদ্বয় আছিফ আলী আৰু প্ৰণৱ ডেকাকে ধৰি কেবাজনো নেতা আৰু অৰ্দ্ধ শতাধিক কর্মী উপস্থিত থাকে ।

আনহাতে লাভজনক বিমান বন্দৰটো আদানি গ্রুপক গতাই দিয়াৰ প্ৰতিবাদত এয়াৰপৰ্ট অথৰিটী এম্পলয়িজ ইউনিয়নৰ আহ্বান মৰ্মে দুপৰীয়া আহাৰ বিৰতিৰ সময়ত এক বজাৰ পৰা দুই বজালৈ শতাধিক কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰি এক ঘণ্টাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । কাৰ্যসূচীত ভাগ লৈ ইউনিয়নৰ উত্তৰ পূব মণ্ডলৰ সম্পাদক পবিত্ৰ দাসে কয় আজিৰ দিনটো বৰঝাৰ বিমান বন্দৰৰ ইতিহাসত কলা দিন হৈ ৰৱ ।

লক্ষণীয়ভাবে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত হৈ থকাৰ মাজতে আদানী গ্ৰুপে মাংগলিক কাৰ্যৰ মাজেৰে পুৱা বিমান বন্দৰটোৰ পৰিচালনাৰ কাম আৰম্ভ কৰে ।

You might also like