নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিত উত্তৰ-পূব সীমান্ত ৰেলৱেত ৰাষ্ট্ৰীয় সংহতি মূলক গীত মুকলি

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তি উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদি কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় সংহতি মূলক এটা গীত ভি ডি অ কনফাৰেনসিং যোগে হোৱা এক অনুষ্ঠানত মুকলি কৰা হয় ।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গুনীত কৌৰে জানিবলৈ দিয়া মতে ৰেল মন্ত্রণালয়ে প্ৰস্তুত কৰা ” মিলে সুৰ মেৰা তুমহাৰা” শীৰ্ষক গীতটো নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত গীতটো মুকলি কৰে কেন্দ্ৰীয় চৰকাৰৰ ৰেল ৰাজ্যমন্ত্ৰী দৰ্শনা জাৰদোচেই ।

অনুষ্ঠানত ৰেলৱে বৰ্ডৰ অধ্যক্ষ সুনিত শৰ্মাকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে । আনহাতে ভি ডি অ কনফাৰেনসিং যোগে হোৱা অনুষ্ঠানত মালিগাঁওত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই গীতটো মুকলি কৰে ।

You might also like