নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠাশ্রমক ধর্মীয় পর্যটনৰ উল্লেখযোগ্য স্থান ৰূপে গঢ়িব চৰকাৰে

বশিষ্ঠাশ্রমত সভাগৃহ পুনঃনির্মাণৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ মহানগৰীৰ ঐতিহাসিক বশিষ্ঠাশ্রম দেৱালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে ইয়াৰ সভাগৃহ পুনঃনির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে বিশিষ্ট সমাজকর্মী অনুপম শর্মা আৰু প্রাগ্ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে এই সভাগৃহৰ পুনৰ নির্মাণৰ দায়িত্ব গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে বশিষ্ঠ ভূতনাথ শ্মশানৰ কালী মন্দিৰ চৌহদত প্রাগ্ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণৰ পৃষ্ঠপোষকতাত উন্নীত কৰা এটা সৰু পুখুৰীসহ উদ্যান এখনৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷

আধাৰশিলা স্থাপন উপলক্ষে উপস্থিত থকা ভক্তপ্রাণ ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মঠ–মন্দিৰ, দেৱালয়সমূহে ধর্মীয় তথা ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্ব বহন কৰি আহিছে৷ এই মঠ–মন্দিৰ তথা দেৱালয়সমূহে আমাৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে৷ সেয়েহে ইয়াৰ সংৰক্ষণ, সংবর্ধন আৰু আন্তঃগাঁথনি শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূর্ণ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বশিষ্ঠাশ্রম দেৱালয়ে ঐতিহাসিক তথা পৌৰাণিক তাৎপর্য বহন কৰি আহিছে৷ ৰাজ্য চৰকাৰে বশিষ্ঠাশ্রম দেৱালয়ক ধর্মীয় পর্যটনৰ এক উল্লেখযোগ্য স্থান হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে পৰিকল্পনা যুগুত কৰিছে আৰু অচিৰেই এই দেৱালয়খনে এক নতুন ৰূপ লাভ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷

মুখ্যমন্ত্রী ড০ শর্মাই কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক পর্যটন আৰু লোকনির্মাণ বিভাগক জডিত কৰাই মাষ্টাৰপ্লেন কার্যকৰী কৰাৰ দিশত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাৰ বাবেও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে বিশিষ্ট সমাজকর্মী অনুপম শর্মা আৰু প্রাগ্ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে দেৱালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে লোৱা পদক্ষেপৰ শলাগ লোৱাৰ লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

এই অনুষ্ঠানত বশিষ্ঠাশ্রম দেৱালয়ৰ মুখ্য দলৈ গিৰীন্দ্র মোহন শর্মায়োবক্তব্য প্রদান কৰে৷ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি)ৰিণিকি ভূঞা শর্মা, বিশিষ্ট সমাজকর্মী অনুপম শর্মা আৰু প্রাগ্ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণৰ উপৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like