নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ এছপিৰ তৎপৰতাত বাংলাদেশৰ পৰা স্বদেশলৈ মুকুল

ত্রিপুৰাত বিডিআৰে মঙলদৈৰ যুৱকক গতালে বিএছএফক

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ সুদীর্ঘ ১৬৮২ দিনৰ অন্তত বাংলাদেশত আবদ্ধ দৰঙৰ যুৱক মুকুল হাজৰিকাক চুবুৰীয়া ৰাষ্ট্রখনে গতাই দিলে সীমান্ত সুৰক্ষা বাহিনীক৷ সোমবাৰে পুৱা ১০ বজাত বাংলাদেশ ব’ডাৰ গার্ডছৰ এটা দলে মুকুল হাজৰিকাক ত্রিপুৰা আৰক্ষী, পিতৃ ফুলেশ্বৰ হাজৰিকা, দৰঙৰ উপ–পৰিদর্শক ডাণ্টেজিৎ দেউৰীৰ উপস্থিতিত গতাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীক৷ পিছলৈ দক্ষিণ ত্রিপুৰা জিলাৰ বেলিয়নি আৰক্ষী থানাই মুকুলক অসম আৰক্ষীক অর্পণ কৰে আৰু নিশাটো আগৰতলাত কটাই আজি দিনৰ ২.৪০ বজাত গুৱাহাটী অভিমুখে তিনিজনীয়া দলটোৱে উৰা মাৰিব৷ মুকুল হাজৰিকাৰ হস্তান্তৰণ সম্পর্কত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাই কয় যে অসমীয়া যুৱক এজন বাংলাদেশৰ পোতাশালৰ পৰা উদ্ধাৰ কৰি মাতৃভূমিলৈ অনাটো ৰাজ্যৰ গৃহ সচিব দিগন্ত বৰা, এছ বিৰ আইজি হীৰেন নাথৰ সহযোগ, ৰাজ্য চৰকাৰৰ তৎপৰতাত সম্ভৱ হ’ল৷ তেওঁ দৰঙত যোগদান কৰাৰ পিছত ঘটনাটো অৱগত হৈ ২০ জুলাইৰ পৰা গৃহ সচিবলৈ পত্র প্রেৰণযোগে মুকুলক অনাৰ ক্ষেত্রত প্রক্রিয়া আৰম্ভ কৰা বুলি প্রকাশ কৰে৷
কিদৰে বাংলাদেশ পালে গৈ দৰঙৰ মুকুল
২০১৭ চনৰ ১২ ফেব্রুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল মঙলদৈৰ জনাৰামচৌকাৰ মুকুল হাজৰিকা নামৰ সেই সময়ৰ ২৬ বছৰীয়া ৰিক্সাচালকজন৷ স্থানীয় মাইকমেন হিচাপে পৰিচিত ফুলেশ্বৰ হাজৰিকাৰ পুত্র মুকুল সেইদিনা দুপৰীয়া ভাত খাই২মান বজাত জনাৰামচৌকালৈ ওলাই গৈছিল৷ সন্ধিয়া পর্যন্ত উভতি নহাত পৰিয়ালে খা–খবৰ লৈছিল৷ ঘৰত যিহেতু কোনো কাজিয়া–পেচাল কৰি ওলাই যোৱা নাছিল, সেয়ে বিশেষ চিন্তা কৰা নাছিল৷ কিন্তু ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকাত ১৪ ফেব্রুৱাৰীত মুকুলৰ পিতৃয়ে মঙলদৈ থানাত এখন এজাহাৰ দিছিল৷ আৰক্ষীক বাদেও নিজাকৈ খা–খবৰ কৰি দিনৰ পিছত মাহ আৰু মাহৰ পিছত ২টা বছৰ পাৰ কৰিছিল৷ ২০১৯ চনৰ নৱেম্বৰ মাহত মুকুল বাংলাদেশৰ কাৰাগাৰত থকাৰ বিষয়ে বাংলাদেশসহ ভাৰতীয় উচ্চায়ুক্তই দৰঙৰ আৰক্ষী অধীক্ষকসহ ৰাজ্য প্রশাসনক অৱগত কৰে৷ পত্রখনত মুকুলে বাংলাদেশত অবৈধভাৱে প্রৱেশ কৰাৰ বাবে কাৰাবাস খটা আৰু আৰু সেই সময়ত ম্যাদ উকলি যোৱাৰ বাবে পৰিয়ালে বাংলাদেশৰ পৰা লৈ আহিব পাৰে বুলি কোৱা হৈছিল৷

কিন্তু বিষয়টোৱে গুৰুত্ব নাপালে আৰু ধনৰ অভাৱত অভিভাৱক যাব নোৱাৰাত কাৰাবাসৰ আৱাসী হৈ পৰে অসমীয়া যুৱকজন৷ শেহতীয়াভাৱে দৰঙৰ আৰক্ষী অধীক্ষক হিচাপে সুশান্তবিশ্ব শর্মাই যোগদান কৰাৰ পিছত বিষয়টো কেইবাজনো সাংবাদিকে তেওঁক অৱগত কৰে৷ লগে লগে মানৱ দৰদী আৰক্ষী অধীক্ষকগৰাকীয়ে ২০ জুলাইত গৃহ সচিব দিগন্ত বৰালৈ পত্র প্রেৰণ কৰে আৰু বিষয়টো আগবাঢ়ে৷ ১১ ছেপ্ঢেম্বৰত দৰং আৰক্ষীৰ উপ–পৰিদর্শক ডাণ্টেজিৎ দেউৰীসহ মুকুলৰ পিতৃ ত্রিপুৰালৈ উৰা মাৰে৷ বিগত ২টা দিনত সকলো প্রক্রিয়া সমাধানৰ পিছত আজি পুৱা দহ বজাত মুকুলে মাতৃভূমিত খোজ পেলায়৷ কাইলৈ ২.৪০ বজাত বিমানযোগে মুকুলক লৈ পিতৃ আৰু আৰক্ষী বিষয়াজনে গুৱাহাটীত ভৰি দিব৷ স্বাভাৱিকতে মুকুলৰ প্রত্যাৱর্তনৰ পূর্বে কিদৰে বাংলাদেশ পালেগৈ, সেয়া ৰহস্য হৈ আছে৷ আশংকা কৰা মতে, মেঘালয়লৈ গাহৰি কঢ়িওৱা বাহনত উঠি গৈছিল যদিও সময়ৰ পাকচক্রত মুকুল সোমাই পৰিছিল বাংলাদেশত৷
মুকুলৰ চকুত সংশয়, ভীতিগ্রস্ততা, পাহৰিলে মাতৃভাষা
আজি দিনৰ ১০ বজাত মুকুলক যেতিয়া বাংলাদেশৰ ব’ডাৰ গার্ডছে ভাৰতক হস্তান্তৰ কৰিছিল, সেই সময়ত মুকুলৰ মুখত হাহি বিৰিঙাৰ সলনি সংশয়, ভীতিবিহ্বল ভাব হৈছিল স্পষ্ট৷ আনকি দীর্ঘদিন জেলত আবদ্ধ থকাৰ বাবে অসমীয়া ভাষা পাহৰি পিতৃ ফুলেশ্বৰ হাজৰিকাৰ লগত বাঙালী ভাষাতহে কথা পাতিছিল৷ আৰক্ষীৰ সূত্র অনুসৰি মুকুলে গাহৰিৰে এসাঁজ খাবলৈ খাটনি ধৰাই নহয়, ঘৰলৈ উভতিবৰ বাবে হৈ পৰিছিল ব্যগ্র৷ বাংলাদেশত আশ্রিত আলফাৰ সন্দেহত প্রকৃততে মুকুলক তীব্র নির্যাতন চলোৱাৰ বাবেই ভয়, শংকা, আৰক্ষী দেখিলেই মাত হেৰোৱাৰ উপক্রম হোৱাটো আশংকা কৰা হৈছে৷ অৱশ্যে আগন্তুক সময়ত মুকুলক মানসিক সন্তুলন ঘূৰাই আনিবলৈ সময়ৰ প্রয়োজন হ’ব অথবা চিকিৎসাৰো দৰকাৰ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷
মুখ্যমন্ত্রীৰ আৰক্ষী অধীক্ষক ভাতৃৰ প্রশংসাত দৰঙী ৰাইজ পঞ্চমুখ, ভগৱান আখ্যা
মুকুল হাজৰিকাক বাংলাদেশৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্রত নিজৰ গাঁঠিৰ ধন ভাঙি গ্রহণ কৰা পদক্ষেপৰ বাবে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শর্মাক সকলোৱে প্রশংসাৰে ওপচাই দিছে৷ জনাৰামচৌকাৰ যুৱকজনৰ পৰিয়ালে আজি নামঘৰত শৰাই আগবঢ়াই পৰিয়ালে সমগ্র প্রক্রিয়াৰ সফলতা কামনা কৰে৷ একেদৰে মুকুলৰ পত্নী কাঞ্চন হাজৰিকা, মাতৃ বিমলা হাজৰিকা, মুকুলৰ ৩ পুত্র অনুপম, দীপজ্যোতি, নয়নমণিয়ে পিতৃ নিজ গৃহত উপস্থিত হোৱালৈ অধীৰ আগ্রহেৰে বাট চাই আছে৷ একেদৰে দৰঙৰ আৰক্ষী অধীক্ষক তথা মুখ্যমন্ত্রীৰ ভাতৃ সুশান্তবিশ্ব শর্মাৰ বাবেই মুকুলে বাংলাদেশৰ পোতাশালত মৃত্যুবৰণ কৰাৰ সলনি সোঁ–শৰীৰে উভতি অহাটো সম্ভৱ হ’ল বুলি উল্লেখ কৰি মাতৃ আৰু পত্নীয়ে দাবী কৰি সুশান্তবিশ্ব শর্মাক ভগৱান আখ্যা দিয়ে৷

You might also like