নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৭৫ কোটি ভেকচিনৰ ড’জ প্রদানেৰে অভিলেখ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকীত বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণৰ অংশ হিচাপে ভাৰতত ৭৫ কোটি ভেকচিনৰ ড’জ প্রদানেৰে এক অভিলেখ গঢ়া হ’ল৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই টুইটযোগে এই কথা সদৰী কৰি অভিনন্দন ভাৰত বুলি উল্লেখ কৰে৷

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ–পূব এছিয়া মণ্ডলৰ সঞ্চালক ড০ পুনম ক্ষেত্রপাল সিঙে কয়, ভাৰতে ৭৫ কোটি ভেকচিন ড’জ প্রদানেৰে টিকাকৰণক অভাৱনীয় গতি প্রদান কৰিছে৷ বিগত ১৩ দিনৰ ভিতৰত ১০ কোটিতকৈ অধিক ক’ভিড ভেকচিন ড’জ প্রদান কৰি ভাৰতে এই টিকাকৰণ অভিযানক অনন্য মাত্রা প্রদান কৰিছে৷ উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীত ক’ভিড–১৯ টিকাকৰণ অভিযান বয়সৰ জোখাৰে বিভিন্ন পর্যায়ত আৰম্ভ কৰা হৈছে আৰু ই এতিয়া ক্ষিপ্রতৰ গতিত চলি আছে৷

You might also like