নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিত হেৰ’ইন–নগদ ধনসহ ধৃত দুই

ড্রাগ্ছ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত চিটী চেণ্টাৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ সমাগত অসম বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত মহানগৰীত সক্রিয় হৈ পৰিছে ড্রাগ্ছ সৰবৰাহকাৰী চক্র৷ আৰক্ষী–প্রশাসনৰ নিৰাপত্তাৰ সুৰুঙা লৈ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই নিতৌ লাখ লাখ টকাৰ ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ কালি হাতীগাঁৱৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ মণিপুৰৰ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে পুনৰ গণেশগুৰিৰ পৰা আৰক্ষীয়ে ড্রাগ্ছ, নগদ ধনসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই গণেশগুৰিৰ পৰা ১২ গ্রাম হেৰ’ইনসহ নগদ ৬.৪২ লাখ ৫০০ টকা জব্দ কৰাৰ উপৰি বৰপেটা জিলাৰ পালহাজীৰ ফাৰুক আহমেদ ওৰফে মুক্তাৰ শ্বাহৰুখ (২৩) নামৰ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ তদুপৰি আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজনৰ পৰা এ এছ–০১ ই এম–৩১৫৫ নম্বৰৰ এখন মাৰুতি ছুইফট আৰু এটা ম’বাইল ফোন জব্দ কৰে৷

আৰক্ষীয়ে ধৃত যুৱকজনক সোধা–পোছা কৰি গণেশগুৰিৰ হোটেল চিটী চেণ্টাৰত অভিযান চলাই ড্রাগ্ছ সৰবৰাহৰ অভিযোগত এগৰাকী বহিঃৰাজ্যৰ মহিলাক গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকী মণিপুৰৰ কচমাইছ (৩৭) আৰু তেওঁ দীর্ঘদিন ধৰি হোটেলখনত বাহৰ পাতি কোটি কোটি টকাৰ ড্রাগ্ছ সৰবৰাহ কৰি অহা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ধৃত ফাৰুক আহমেদে মহিলাগৰাকীৰ পৰা ড্রাগ্ছখিনি ক্রয় কৰিছিল৷ ইপিনে, ১৫ দিন পূর্বে মহিলাগৰাকীৰ পৰা যুৱকজনে প্রায় ৩০০ গ্রাম হেৰ’ইন ক্রয় কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like