নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! যান–বাহন আৰক্ষীৰ হাতত ই–চালান যন্ত্ৰ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ মহানগৰীত যান–বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে যান–বাহন আৰক্ষী৷ এতিয়া তর্ক–বিতর্ক নহয়, পোনপটীয়াকৈ যান–বাহন আৰক্ষীয়ে দিব চালান৷ কাৰণ মহানগৰীৰ যান–বাহন আৰক্ষীৰ হাতত অত্যাধুনিক ই–চালানযুক্ত যন্ত্র৷ এতিয়াৰ পৰা কোনো লোকে যান–বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে পূর্বৰ লেখিয়াকৈ নাকাটে জৰিমনা৷ ইয়াৰ বিপৰীতে ই–চালানযুক্ত যন্ত্রৰ জৰিয়তে অনলাইনত আইনভংগকাৰী বাহনৰ গৰাকীলৈ প্রেৰণ কৰিব জৰিমনাৰ চালান৷ এই যন্ত্রৰ জৰিয়তে জৰিমনা ভৰোৱাৰ লগে লগে প্রথমতে গাডীৰ গৰাকীলৈ যাব এটা মেছেজ৷ এই মেছেজৰ পিছতে অনলাইন অথবা আদালতত গৈ আইন ভংগকাৰীয়ে দিব লাগিব জৰিমনা৷

উল্লেখ্য যে কেৱল সাধাৰণ জনতাই নহয়, ভি আই পি, ভি ভি আই পি, আৰক্ষীও সাৰি যাব নোৱাৰে এই ব্যৱস্থাৰ পৰা৷ ইতিমধ্যে দিছপুৰ থানাত এমাহতে ১০০০জন লোকৰ বিৰুদ্ধে দিছপুৰৰ যান–বাহন আৰক্ষীয়ে কাটিছে চালান৷ বিশেষকৈ গাডী চলাওঁতে ম’বাইলত কথা পতা, ছীট বেল্ট নলগোৱা, ন’–পার্কিঙত গাড়ী ৰখোৱা, হেলমেট পৰিধান নকৰা লোকৰ ওপৰত নজৰ ৰাখি যান–বাহন আৰক্ষীয়ে বিহিছে জৰিমনা৷ অর্থাৎ এই ই–চালান যন্ত্রৰ জৰিয়তে অন স্পট অনলাইন জৰিমনা বিহিছে আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে ই–চালান যন্ত্রত সন্নিৱিষ্ট আছে পৰিবহণ বিভাগৰ এপ৷ এই পৰিবহণ এপৰ জৰিয়তে যান–বাহন আইন ভংগকাৰীসকলক চিনাক্ত কৰি জৰিমনা বিহা আৰম্ভ কৰিছে আৰক্ষীয়ে৷ মহানগৰীৰ ৰাজপথত যান–বাহন আইন ভংগকাৰীসকলে এতিয়াৰ পৰা ১০০০ টকাৰ পৰা ৫০০০ টকাপর্যন্ত জৰিমনা দিব লাগিব যান–বাহন আইন ভংগকাৰীসকলে৷

You might also like