নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতৰ আমেজলৈ বুঢ়ীদিহিঙৰ বুকুত হাজাৰ হাজাৰ বালিশংখ চৰাইৰ জাক

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ শীতৰ দিনবোৰ পুনৰ আৰম্ভ হ’ল ৷ এই শীতৰ আমেজ ল’বলৈ প্ৰতিবছৰৰ দৰে এইবাৰো অসমলৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ জাক ৷ ৰাজ্যখনৰ তৰাং হৈ পৰা নৈ বিল সমূহত উভৈনদী হৈ থকা খাদ্যৰ পয়োভৰ, অসমৰ নাতিশীতোষ্ণ পৰিৱেশ আৰু সেউজ দলিচাৰ আকৰ্ষণে বাৰে বাৰে হাত বাউল দি মাতে দেশী বিদেশী পৰিব্ৰাজক চৰাইবোৰক ৷

আনহাতে পৰিব্ৰাজক চৰাইৰ বাবে অসম হৈছে উৎকৃষ্ট হনিমুন স্পট ৷ শীতৰ আমেজসনা পৰিৱেশতে প্ৰজনন ক্ৰিয়া সামৰি চৰাইবিলাক পুনৰ নিজৰ ঠাইলৈ ওভতি যায় ৷ এই পৰিব্ৰাজক চৰাইৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰ শ্ৰেণীৰ চৰাইবিধ হ’ল স্মল প্ৰান্তিকল ৷ নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকে গাঁৱৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিঙ নদীৰ চৰত এতিয়া জাকে জাকে স্মল প্ৰান্তিকল । চৰাইবিধৰ থলুৱা নাম বালিশংখ বা টিটিয়লি ৷ স্মল প্ৰান্তিকল চৰাইৰ কলৰৱত এতিয়া মুখৰিত হৈ পৰিছে বুঢ়ীদিহিঙৰ চাপৰি ৷ মূলতঃ দক্ষিণ পূৱ এছিয়াৰ পাকিস্তান, লাউছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ আদিৰ পৰা অহা এইবিধ চৰাই শীতৰ সমাপ্তিৰ পূৰ্বেই নিজ নিজ ঠাইলৈ ওভতি যাব ৷ ডেউকাত বান্ধি লৈ যাব ভৱিষ্যতৰ বাবে সেউজ অসমৰ দুৰ্বাৰ আকৰ্ষণ ৷ সেই আকৰ্ষণৰ মায়াজালত যুগ যুগ ধৰি চলি থাকিব স্মল প্ৰান্তিকল চৰাইৰ জাগতিক আয়ুস।

প্ৰেৰকঃ বুলন শইকীয়া, নাহৰকটীয়া

You might also like