নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভঙাগড় আৰক্ষীৰ জালত প্রৱঞ্চক বিশ্ববিৰাজ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ অ’এলএক্সত ঘৰ ভাৰাৰ বিজ্ঞাপন দি বিভিন্ন লোকৰ পৰা আগধন হিচাপে লাখ লাখ টকা আত্মসাৎ কৰা প্রৱঞ্চক বিশ্ববিৰাজ ভৰদ্বাজক কালি ভঙাগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত প্রৱঞ্চক ভৰদ্বাজৰ বিৰুদ্ধে ভঙাগড় থানাত ৪১৬/২১, ৪১৯/২১, ৬৭৫/২১, ৬৭৬/২১, ৬৪১/২১ নম্বৰত কেইবাটাও গোচৰ ৰুজু হৈ আছিল৷ উক্ত গোচৰকেইটাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই কালি নিশা যোৰহাটৰ পুলিবৰৰ পৰা প্রৱঞ্চক বিশ্ববিৰাজ ভৰদ্বাজক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ভৰদ্বাজে আনৰ ঘৰ ভাৰা দিয়াৰ নামত অ’এলএক্সত বিজ্ঞাপন দি বহুকেইজন লোকৰ পৰা আগধন হিচাপে লক্ষাধিক টকা আদায় লৈ আত্মগোপন কৰি আছিল৷ সম্প্রতি ভঙাগড় আৰক্ষীয়ে প্রৱঞ্চক ভৰদ্বাজক জেৰা অব্যাহত ৰাখিছে৷

You might also like