নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল, দলিয়াই পেলাওক, আগৰ হিচাপ নিকাচ পাহৰি যাওক

ভূমি ক্রয়–বিক্রয়, হস্তান্তৰত দালাৰাজৰ বিৰুদ্ধে কঠোৰ মহানগৰ উপায়ুক্ত

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: অহা ২ অক্টোবৰত মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া ‘মিছন বসুন্ধৰা’ আঁচনিলৈ মাজত মাথোঁ কেইদিনমান বাকী থকা অৱস্থাত ভূমি সম্পর্কীয় বিভিন্ন আবেদন যাতে সমাধা কৰিব পৰা যায় আৰু এইক্ষেত্রত কোনোধৰণৰ আসোঁৱাহ নাথাকে, সেই উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত মঙলবাৰে ভূমি সম্পর্কীয় এখন কর্মশালা অনুষ্ঠিত কৰা হয়৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুকলি কৰা এই কর্মশালাত জিলাখনৰ সকলো অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ), চক্র বিষয়াৰ উপৰি কাননগো, লাট মণ্ডল, পাঁচোটা ৰাজহ চক্রৰে বিষয়া–কর্মচাৰীয়ে অংশগ্রহণ কৰে৷ কর্মশালাখন মুকলি কৰি জিলা উপায়ুক্তগৰাকীয়ে ভূমি হস্তান্তৰকৰণ, বেচা–কিনা পঞ্জীয়ন কৰা আদিৰ লগত কোনোধৰণৰ ধনৰ লেনদেন নকৰিবলৈ কঠোৰভাৱে এইক্ষেত্রত জডিত বিষয়া–কর্মচাৰীসক সকীয়াই দিয়ে৷ ‘এতিয়াৰে পৰা আপোনালোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ বাবে পণ লওক৷ মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল, দলিয়াই পেলাওক, আগৰ হিচাপ নিকাচ পাহৰি যাওক৷ মাটি বেচা–কিনা, পঞ্জীয়ন আদিৰ ক্ষেত্রত ধন লেনদেনৰ কোনো অভিযোগ প্রমাণিত হ’লে কোনো ক্ষেত্রতে সহ্য কৰা নহ’ব৷’ –উপায়ুক্তগৰাকীয়ে কয়৷ কর্মশালাখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰীয়ে অসমৰ ভূমি ৰাজহ প্রশাসনৰ ইতিহাসৰ পৰা বর্তমান প্রেক্ষাপটলৈ বিভিন্ন বিষয়, ধ্রুৱ হাজৰিকাই বিভিন্ন ধৰণৰ ভূমিপট্টা, একচনা পট্টাৰ পৰা ম্যাদী পট্টা, এলটমেণ্ট এণ্ড ছেটলমেণ্ট অৱ লেণ্ড, লেণ্ড বেংক আদি বিষয়ত গৌৰীশংকৰ দাসে অসমৰ ভূমিনীতি, ভি জি আৰ, পি জি আৰ আৰু সাধাৰণ ভূমি সুৰক্ষা, সংৰক্ষণ আদি, বিপুল কুমাৰ দাসে কেনেকৈ ৰাজহ বিষয়ক প্রতিবেদন লিখিব লাগে আদি বিষয়ত বিশদ আলোচনা কৰে৷ কর্মশালাখনত চক্র বিষয়া আৰু লাটমণ্ডলসকলে বিভিন্ন বিষয়ত নিজৰ জানিবলগীয়াখিনি জানি লয়৷

You might also like