নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভাষা–ৰাষ্ট্রভাষা সমন্বয়তহে দেশৰ প্রগতি

হিন্দী দিৱসত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  মাতৃভাষা আৰু ৰাষ্ট্রভাষাৰ সমন্বয়তহে নিহিত হৈ আছে ভাৰতৰ প্রগতি৷ ভাৰত ভাষাটো আত্মনির্ভৰ হোৱাৰ আৱশ্যক৷ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ হিন্দী দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠান সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্রভাষাৰ সমান্তৰালকৈ মাতৃভাষাৰ প্রয়োগৰ ওপৰত প্রাধান্য দি এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ হিন্দী দিৱসৰ কার্যসূচী সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে যেতিয়াই দেশে সংবিধান গ্রহণ কৰিছিল, তেতিয়াই ১৪ ছেপ্টেম্বৰ ১৯৪৯ চনত এই নির্ণয় লোৱা হৈছিল যে দেশৰ ৰাষ্ট্রভাষা হিন্দী হ’ব আৰু ইয়াৰ লিপি দেৱনাগৰী৷ ৰাষ্ট্রভাষা হিন্দীত উৎকৃষ্ট কার্য সম্প্রদান কৰাৰ বাবে যি বঁটা প্রদান কৰা হয়, সেই বঁটাই অনেক লোকক প্রেৰণা দিয়ে৷ ৰাষ্ট্রভাষাক আগবঢ়াই নিয়াৰ ক্ষেত্রত অৰিহণা যোগায়৷ গৃহমন্ত্রী শ্বাহে এই কার্যসূচীত ২০১৮–১৯, ২০১৯–২০ আৰু ২০২০–২১ত ৰাষ্ট্রভাষা হিন্দীত উৎকৃষ্ট কার্য সম্প্রদান কৰা মন্ত্রালয়, বিভিন্ন বিভাগ আদিক ৰাষ্ট্রভাষা কৃতি আৰু ৰাষ্ট্রভাষা গৌৰৱ পুৰস্কাৰ প্রদান কৰে৷

হিন্দী দিৱসৰ তাৎপর্য বর্ণনা কৰি গৃহমন্ত্রী শ্বাহে কয় যে ১৪ ছেপ্টেম্বৰৰ দিনটো দেশবাসীৰ বাবে এক গুৰুত্বপূর্ণ দিন৷ তদুপৰি গৃহমন্ত্রীগৰাকীয়ে কয়– দেশৰ ভিতৰত উৎপাদনতেই মাথোঁ আত্মনির্ভৰ নহয়৷ আমি ভাষাৰ ক্ষেত্রতো আত্মনির্ভৰ হোৱাৰ আৱশ্যকতা আছে৷ যদি প্রধানমন্ত্রীয়ে আন্তর্জাতিক পর্যায়ত হিন্দীতে ক’ব পাৰে আমি ইয়াক লৈ ইতস্তত কৰোঁ কিয়? সেই দিনবোৰ আঁতৰি গ’ল যেতিয়া আমি হিন্দী কোৱাটো উদ্বিগ্ণতাৰ বিষয় আছিল৷

ইপিনে হিন্দী দিৱস উপলক্ষে দেশবাসীক ৰাষ্ট্রভাষা হিচাপে হিন্দী ভাষা প্রয়োগৰ সমান্তৰালকৈ বুনিয়াদী কামবোৰত নিজৰ মাতৃভাষা প্রয়োগৰ বাবে প্রতিশ্রুতিবদ্ধ হ’বলৈ আহ্বান জনায় গৃহমন্ত্রীগৰাকীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত চৰকাৰে হিন্দী ভাষাৰ উন্নয়নৰ সমান্তৰালকৈ আন ভাৰতীয় ভাষাকো আগবঢ়াই নিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয়– আৱেগক বর্ণনা কৰাৰ সবাতোকৈ শক্তিশালী মাধ্যম ভাষা৷ ইয়াৰ উপৰি আমাৰ সাংস্কৃতিক মাহাত্ম্য আৰু ৰাষ্ট্রীয় একতাৰ আধাৰ৷ পৌৰাণিক সভ্যতা আৰু আধুনিকতা আৰু প্রগতিৰ মাজত হিন্দীয়ে এক সেতুৰ সেৱা আগবঢ়াই আছে৷ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্যাপন কৰি থকাৰ প্রসংগ উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লালকিল্লাত আজাদী কী অমৃত মহোৎসৱ শুভাৰম্ভ কৰি আত্মনির্ভৰ ভাৰতৰ প্রসংগ উল্লেখ কৰিছিল৷ এই আত্মনির্ভৰ শব্দটি কেৱল উৎপাদন আৰু বাণিজ্যিক প্রতিষ্ঠানৰ ক্ষেত্রতেই জড়িত হৈ থকা নাই৷ এই আত্মনির্ভৰ শব্দটি ভাষাৰ ক্ষেত্রতো৷ আত্মনির্ভৰ ভাৰতৰ স্বপ্ণ সফল হ’ব যদিহে ভাষাৰ ক্ষেত্রতো দেশ আত্মনির্ভৰ হ’ব৷ ইয়াৰ বাহিৰে আত্মনির্ভৰ ভাৰতৰ অর্থ নাই৷

গৃহমন্ত্রী শ্বাহে কয়– স্বদেশী, স্বভাষা আৰু স্বৰাজ এই তিনিটা শব্দই স্বাধীনতা সংগ্রামক উজ্জীৱিত কৰিছিল আৰু এই তিনিটা শব্দই আছিল স্বাধীনতা সংগ্রামৰ শক্তিশালী স্তম্ভ৷ মাতৃভাষাক প্রাধান্য দি গৃহমন্ত্রীগৰাকীয়ে কয়– এগৰাকী ব্যক্তিয়ে নিজক মাতৃভাষাতকৈ আন কোনো ভাষাৰে সঠিকভাৱে প্রকাশ কৰিব নোৱাৰে আৰু সেয়েহে নতুন প্রজন্মই বুজা উচিত ভাষা কোনো প্রতিবন্ধকতা হ’ব নোৱাৰে৷ আমি আমাৰ ভাষাক গৌৰৱ আৰু কোনো ইতস্তত নকৰাকৈ প্রয়োগ কৰা উচিত৷ তদুপৰি গৃহমন্ত্রী শ্বাহে কয় যে সময় আহিছে দেশৰ যুৱই এই কথা গুৰুত্ব দিয়া উচিত যে নিজৰ ভাষাক এৰি দিয়া উচিত নহয়৷ পিতৃ–মাতৃক নিজৰ সন্তানৰ সৈতে ঘৰত মাতৃভাষাত বার্তালাপ কৰিবলৈ আহ্বান জনাই গৃহমন্ত্রীগৰাকীয়ে কয় যে যদিও তেওঁলোকৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়াশুনা কৰে, তথাপি ঘৰত নিজৰ মাতৃভাষাত কথা পাতিব লাগে৷ অন্যথা তেওঁলোকৰ সন্তান শিপাৰ পৰা বিচ্ছিন্ন হ’ব৷ এটা বিদেশী ভাষাই আমাৰ মহৎ সংস্কৃতি আৰু ভাৰতৰ গৌৰৱক প্রকাশ কৰিব নোৱাৰে৷ দেশৰ আদর্শগত দিশত এই ভাষাই সংযোগ কৰিব নোৱাৰে৷ কেৱল মাতৃভাষাইহে এগৰাকী শিশুক তেওঁলোকৰ নিজৰ স্থানীয় শিপাৰ সৈতে সংপৃক্ত কৰিব পাৰে৷ যিয়ে নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ যায়, তেওঁ কেতিয়াও উন্নতি কৰিব নোৱাৰে৷ গভীৰ, শক্তিশালী আৰু বহল শিপাৰে এডাল গছৰ শ্রীবৃদ্ধি হ’ব পাৰে৷

উল্লেখ্য যে মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা সংগ্রামত স্থানীয় ভাষাই অধিক গুৰুত্ব লাভ কৰিছিল৷ মহাত্মা গান্ধী, ৰাজেন্দ্র প্রসাদ, পণ্ডিত নেহৰু, চর্দাৰ বল্লভভাই পেটেলে, কে এম মুন্সী আৰু বিনোৱা ভাৱেই ভাৰতীয় ভাষাক শক্তিশালী কৰিবৰ বাবে আজীৱন নিজকে উৎসর্গিত কৰিছিল৷ তেনেদৰে হিন্দী আৰু কোনো স্থানীয় ভাষাৰ মাজত পার্থক্য নাই বুলি উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে হিন্দী হৈছে সকলো ভাৰতীয় ভাষাৰ বন্ধু আৰু ই প্রগতি কৰিব পাৰে সহাৱস্থানৰ জৰিয়তে৷ লক্ষণীয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শৈক্ষিক খণ্ডত সংস্কাৰ আনিবলৈ বলৱৎ কৰা নতুন শিক্ষানীতিতো ৰাষ্ট্রভাষাৰ লগতে স্থানীয় ভাষাক বিশেষ গুৰুত্ব প্রদান কৰিছে বুলি কয় গৃহমন্ত্রীগৰাকীয়ে৷ কাৰিকৰী শিক্ষাৰ পাঠ্যক্রম বিশেষকৈ অভিযান্ত্রিক মহাবিদ্যালয়ত ৫ ভাৰতীয় ভাষা হিন্দী, তেলুগু, তামিল, মাৰাঠী আৰু বাংলা ভাষা প্রাৰম্ভিক পর্যায়ত প্রয়োগ কৰা হৈছে৷ উল্লেখ্য যে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ‘ৰাজভাষা ভাৰতী’ৰ ১৬০সংখ্যক পুস্তিকাখন উন্মোচন কৰে৷ এই কার্যসূচীত কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়, অজয় কুমাৰ মিশ্র আৰু নিশিথ প্রামাণিক, গৃহ সচিবকে ধৰি ৰাষ্ট্রভাষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like