নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রমিকৰ প্রতিবাদত কঁপিল জিএমচিৰ কার্যালয

ন্যায়ালয়ৰ নির্দেশৰ পাছতো পৌৰ নিগমে আদায় নিদিলে অস্থায়ী কর্মচাৰীৰ প্রাপ্য

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ গুৱাহাটী পৌৰ নিগমৰ হেমাহিৰ বাবেই আজিও প্রাপ্যৰ পৰা বঞ্চিত হৈছে একাংশ অস্থায়ী শ্রমিক–কর্মচাৰী৷ নিজৰ জীৱনক তুচ্ছ কৰি বিভিন্ন সময়ত সেৱা আগবঢ়াই অহা শ্রমিক–কর্মচাৰীসক্ প্রাপ্য আদায় দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে পৌৰ নিগমক ইতিপূর্বেই নির্দেশ দিয়ে যদিও ন্যায়ালয়ৰ নির্দেশৰ পাছতো পৌৰ নিগম কর্তৃপক্ষই শ্রমিক–কর্মচাৰীক প্রাপ্য আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সেয়েহে প্রাপ্য বিচাৰি আজি গুৱাহাটী পৌৰ নিগম কার্যালয় চৌহদত সহস্রাধিক কর্মচাৰীয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী মিউনিচিপাল কর্মী সংঘৰ উদ্যোগত গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত সহস্রাধিক শ্রমিকে অংশগ্রহণ কৰি বিভিন্ন শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে৷ বিশেষকৈ গুৱাহাটী পৌৰ নিগমত ১০ বছৰতকৈ অধিককাল কর্মৰত শ্রমিকসকলৰ চাকৰি নিয়মীয়া কৰাৰ লগতে ১০ বছৰৰ তলৰ কর্মচাৰীসকলক সমান কামৰ বাবে সমান মজুৰি আদায় দিয়াৰ দাবীত প্রতিবাদকাৰীসকলে এই কার্যসূচী ৰূপায়ণ কৰা বুলি শ্রমিক নেতা দীননাথ বাছফৰে জানিবলৈ দিছে৷ বাছফৰে কয় যে যদিহে পৌৰ নিগমে শ্রমিকসকলৰ দাবী পূৰণ নকৰে, তেনেহ’লে অহা ২৩ জানুৱাৰীত এদিনীয়া ধর্মঘট কার্যসূচী গ্রহণ কৰা হ’ব৷ ইয়াৰ পাছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ২৪ জানুৱাৰীৰ পৰা অনির্দিষ্টকাললৈ ধর্মঘট কার্যসূচী ৰূপয়ণ কৰা হ’ব বুলি তেওঁ হুংকাৰ দিয়ে৷ শ্রমিকসকলৰ দাবীকেইটা হৈছে– ২০১৪ চনৰ পৰিষদৰ সাধাৰণ সভাৰ সিদ্ধান্ত অনুযায়ী ৯৩৯জন অস্থায়ী শ্রমিক–কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু ঠিকাভিত্তিক শ্রমিক–কর্মচাৰীক সমহাৰত বেতন আদায় দিয়া, অৱসৰপ্রাপ্ত আৰু মৃত কর্মচাৰীৰ পৰিয়ালক পেঞ্চন আদায় দিয়া, মহানগৰীৰ বিভিন্ন অঞ্চলত বাস কৰা শ্রমিকসকলক খোৱাপানী যোগান ধৰা আৰু বিজুলীবাতিৰ ব্যৱস্থা কৰা, ইপিএফ আৰু জিপিএফৰ ধন তৎকালে একাউণ্টত জমা দিয়া, ষ্টাফিং পেটার্নৰ আসোঁৱাহ দূৰ কৰি পদোন্নতিৰ ব্যৱস্থা কৰা আৰু পৌৰকর্মীক পেঞ্চনৰ ধন ৰাজ্য চৰকাৰে অনুদান হিচাপে দিয়া৷ এই দীর্ঘদিনীয়া দাবীসমূহৰ লগতে অন্যান্য দাবীৰ সমর্থনত আজিৰে পৰা দুদিনীয়া প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ যদিহে এই প্রতিবাদী কার্যসূচীৰ অন্তত পৌৰ নিগমে বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেনেহ’লে অনির্দিষ্ট কাললৈ কর্মবিৰতিৰো হুংকাৰ দিয়ে প্রতিবাদকাৰীসকলে৷ আজিৰ প্রতিবাদী কার্যসূচীত পৌৰ নিগমৰ কাৰিকৰী বিষয়া সন্থা, গুৱাহাটী মিউনিচিপাল কর্মী সংঘ, পানী যোগান কর্মী সংঘ, হৰিজন মজদুৰ ইউনিয়ন আৰু সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷

You might also like