নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখটকীয়াত ড্রাগ্ছ ব্যৱসায়ী মহিলাক ৰাইজে গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ মহানগৰ আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযানৰ মাজতে আজি লাখটকীয়াৰ ৩নং গেটত ড্রাগ্ছ বিক্রী কৰি থকা এগৰাকী মহিলাক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে৷ দীর্ঘদিন ধৰি চাহিদা বেগম নামৰ মহিলাগৰাকীয়ে লাখটকীয়াৰ ৩নং গেটত ড্রাগ্ছ বিক্রী কৰি আহিছিল৷ আজি ড্রাগ্ছ বিক্রী কৰি থকাৰ সময়তে স্থানীয় ৰাইজে চাহিদা বেগমক আটক কৰি পাণবজাৰ আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাই ১৩টা ড্রাগ্ছভর্তি কণ্টেইনাৰ জব্দ কৰে৷ পাণবজাৰ আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like