নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলা বিলৰ পাৰত সুৰা–জুৱাৰ মুকলি আড্ডা

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত হৈছে বৰছলা বিল৷ স্মার্টচিটী প্রকল্পৰ অন্তর্ভুক্ত হোৱা বৰছলা বিলৰ পাৰত নিতৌ সন্ধিয়া একাংশ উদণ্ড যুৱকে মুকলিভাৱে সুৰা আৰু জুৱাৰ আড্ডা পাতি পৰিৱেশ বিনষ্ট কৰিছে যদিও আৰক্ষী–প্রশাসনে এইক্ষেত্রত চকুমুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে৷ একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিলৰ চৌপাশে সন্ধিয়া শাৰী শাৰীকৈ জুৱা আৰু সুৰাৰ আড্ডা পাতি একাংশ জুৱাৰীয়ে পৰিৱেশ বিনষ্ট কৰিছে৷ তদুপৰি বিলৰ পাৰত বহি সুৰা সেৱন কৰা সুৰাপায়ী যুৱকে সুৰাৰ বটলৰ লগতে চিপছ আৰু অন্যান্য পেলনীয়া সামগ্রী বিলৰ পানীত দলিয়াই বিলখন ক্রমাৎ পুতি পেলাইছে৷ গুৱাহাটী মহানগৰীৰ একাংশ সম্ভ্রান্ত পৰিয়ালৰ যুৱকে সন্ধিয়া হ’লেই ভি আই পি বাহন লৈ সুৰা সেৱনৰ বাবে বিলৰ পাৰত উপস্থিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ এই কথা আৰক্ষী–প্রশাসনক জনোৱাৰ পিছতো আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দাই৷ বিশেষকৈ একাংশ স্কুলীয়া ছাত্রই বিয়লি বিলৰ পাৰত উপস্থিত হৈ সুৰাৰ লগতে গাঞ্জা আৰু অন্যান্য নিচাজাতীয় সামগ্রী সেৱন কৰা বুলি জানিব পৰা গৈছে৷ আনহাতে, বিলত বৰশীৰে মাছ মাৰিব অহা একাংশ লোকে দিন–দুপৰতে বিলৰ পাৰত তাচপাতৰ মুকলি জুৱা পাতি পৰিৱেশ বিনষ্ট কৰি আহিছে৷ উল্লেখ্য যে ১৫ একৰ পৰিসৰৰ বৰছলা বিল স্মার্টচিটী প্রকল্পৰ অধীনত অন্তর্ভুক্ত কৰি ইয়াৰ উন্নয়নৰ বাবে ২১২ কোটি টকা ধার্য কৰা হৈছিল৷ জলাশয় সংৰক্ষণৰ লগতে পর্যটকৰ আকর্ষণৰ বাবে কেন্দ্রীয় নগৰ উন্নয়ন প্রাধিকৰণে স্মার্টচিটীৰ অধীনত উন্নীত কৰিব বিচৰা বৰছলা বিলৰ উন্নয়ন ফাইলতে আবদ্ধ থকাত স্থানীয় ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷

You might also like