নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ আই জি সঞ্জয় সিং গেহলটৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ভাৰত চৰকাৰে শেহতীয়াকৈ ভাৰত-বাংলাদেশ আৰু ভাৰত- পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা , পহৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীক ( বি এছ এফ ) পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিঃমিঃ পৰ্যন্ত এলেকালৈ অভিযান চলোৱাৰ কৰ্তৃত্ব ৫০ কিঃমিঃ পৰ্যন্ত বৃদ্ধি কৰিছে । ১৫ ৰ পৰা ৫০ কিঃমিঃ পৰ্যন্ত অভিযান চলাব পৰা ক্ষমতা বৃদ্ধি কৰাৰ ফলত বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তকেন্দ্ৰিক অপৰাধ বহুখিনী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব । এই মন্তব্য বি এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ আই জি সঞ্জয় সিং গেহলটৰ ।

আজি মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই মন্তব্য আগবঢ়াই আই জি সঞ্জয় সিং গেহলটে । আই জি গেহলটে কয় – ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়ে শেহতীয়াকৈ জাৰি কৰা অধিসূচনা অনুসৰি বি এছ এফে এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা দেশৰ ভিতৰত ৫০ কিঃমিঃ এলেকালৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধ সামগ্ৰী বা চোৰাং সামগ্ৰীৰ বেহা চলোৱা সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ কৰ্তৃত্ব লাভ কৰিছে । ইয়াৰ ফলত তেনে লোকক গ্ৰেপ্তাৰ বা তালাচী কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত তেনে লোকক সামগ্ৰীসহ ৰাজ্যিক আৰক্ষী বা তেনে কৰ্তৃত্বপ্ৰাপ্ত সংস্থাক গতাই দিব । বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অঞ্চলত পহৰা কাৰ্যত নিয়োজিত হৈ আছে । ইয়াত ৩ টা চেক্টৰ মুখ্য কাৰ্যালয়ৰ অধীনত ১৩৭ টা বি অ পিত ১১ টা বেটেলিয়ান আৰু এটা জল শাখা আছে । তেনেদৰে গুৱাহাটী ফ্ৰণ্টিয়াৰে অসমৰ উপৰিও পশ্চিমবঙ্গৰ এটা বৃহৎ অঞ্চলত থকা বাংলাদেশৰ সীমান্ত পহৰা দিব লাগে ।

অৱশ্যে বিগত সময়চোৱাত অসম আৰক্ষীৰ পৰা সীমান্তৰে গৰু , নিচাযুক্ত , নিষিদ্ধ সামগ্ৰীকে ধৰি চোৰাং সামগ্ৰীৰ বেহা , অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত বহুখিনী সহায় লাভ কৰা বুলি আই জি সঞ্জয় সিং গেহলটে সংবাদ মেলত সদৰি কৰে । সংবাদ মেলত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি তথা প্ৰিন্সিপাল ষ্টাফ অফিচাৰ উমেশ নায়াল আৰু ডি আই জি (সাধাৰণ) জে কে ৰুডোলা উপস্থিত থাকে ।

You might also like