নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবিক পর্যটকৰ আকর্ষণীয় কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পৰা মাত্র ৬০ কিঃমিঃ নিলগৰ অসম–মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ নান্দনিক প্রাকৃতিক সৌন্দর্যই যিকোনো লোককে বাৰুকৈয়ে আকর্ষণ কৰি আহিছে৷ ইফালে বিগত তিনি–চাৰি বছৰত অসম চৰকাৰৰ বিশেষ তৎপৰতাত চানডুবিৰ কাষৰীয়া অঞ্চলৰ মেঘালয় সীমান্ত সংযোগী বাট–পথসমূহ উন্নত হোৱাত যাতায়াত ব্যৱস্থা সুচল হৈ পৰিছে৷ ফলত পর্যটকৰ লগতে আন লোকৰো আগমন হৈছে বৃহত্তৰ অঞ্চলটোত৷ অসম চৰকাৰৰ পর্যটন বিভাগ আৰু অসম পর্যটন উন্নয়ন নিগমৰ (এটিডিচি) ফালৰ পৰাও শেহতীয়াভাৱে চানডুবিকে ধৰি কাষৰীয়া অঞ্চলক পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ বাবে তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷

আনকি কিছুদিন পূর্বে চানডুবিত অনুষ্ঠিত বিশ্ব পর্যটন দিৱসৰ কার্যসূচীত ভাগ লৈ অসমৰ পর্যটন মন্ত্রী চন্দন ব্রহ্ম আৰু এটিডিচিৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ‘ভোকেল ফৰ লোকেল’ আঁচনিৰ আধাৰত স্থানীয় পর্যটকক চানডুবিলৈ আহিবলৈ আহ্বান জনাইছে৷ ইতিমধ্যে নিখিল ৰাভা ছাত্র সন্থাৰ বৰদুৱাৰ–ভোলাগাঁও সমিতিয়েও পর্যটকক মুকলি মনেৰে চানডুবিকে ধৰি কাষৰীয়া অঞ্চল ভ্রমণ কৰিবলৈ আহ্বান জনাইছে৷ তেনেদৰে চানডুবিৰ পর্যটনৰ ক্ষেত্রখনৰ উন্নয়নৰ হকে কাম কৰি অহা ‘ৰংমন টুৰিজিম ছ’চাইটী’য়েও এইক্ষেত্রত সহযোগিতাৰ হাত আগবঢ়াইছে৷ আনকি কিছুমাহ পূর্বে ছ’চাইটীৰ আহ্বানমর্মে চানডুবি আৰু কাষৰীয়া অঞ্চল ভ্রমণ কৰিছিল শ্রীশ্রী সত্যসাই সেৱা সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে৷ সংগঠনটোৰ সভাপতি অধিবক্তা সত্যেন শর্মাৰ নেতৃত্বত এটা দলে কিছুদিন পূর্বে ৰংমন টুৰিজিম ছ’চাইটীৰ কর্মকর্তা প্রমোদ কলিতা, কল্যাণ ৰাভা, চার্জন ৰাভা, উৎপল ৰাভা, প্রাণেশ্বৰ ৰাভাৰ সৈতে চানডুবি অঞ্চলটো ভ্রমণ কৰিছিল৷

ভ্রমণকালত দলটোৱে চানডুবিত নৌকাবিহাৰ কৰি অঞ্চলটোৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে৷ তেনেদৰে দলটোৱে মেঘালয় সীমান্তৰ ৰাণীখামাৰ আৰু কাফানডবাৰ পৰা দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু কুকুৰমাৰাৰ মাজেৰে বৈ যোৱা কলহী নদীৰ উৎপত্তিস্থল, উকিয়াম নদীৰ উৎপত্তিস্থল দ্রোণ, শ্রী আৰু ঘনা পৰিদর্শন কৰে৷ ইয়াৰ উপৰি দলটোৱে বাৰেগাঁও, ৰাণীখামাৰ আদিত থকা কেইবাটাও জলপ্রপাত চাই তাৰ নান্দনিক দৌন্দর্যত অভিভূত হৈ পৰে৷ যাৰবাবে শ্রীশ্রী সত্যসাই সেৱা সমিতিয়ে পর্যটন বিভাগ আৰু এটিডিচিক চানডুবিকে ধৰি কাষৰীয়া অঞ্চলটোক এক টুৰিষ্ট হাৱলৈ ৰূপান্তৰিত কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে ইতিমধ্যে পর্যটনৰ লগত জডিত কেইবাটাও সংগঠনে তাত ‘হোম ষ্টে হোম’ অর্থাৎ ঘৰুৱা পৰিৱেশত পর্যটকক আতিথ্য দি ৰখাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ উপৰি পর্যটন বিভাগে চানডুবিত নিজা অতিথিশালা নির্মাণ কৰিছে৷

You might also like