নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এঘাৰ ভাৰতীয়সহ ১৫জন শিক্ষার্থীক গ্রেপ্তাৰ আমেৰিকাত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ আমেৰিকাত অবৈধভাৱে আশ্রয় লৈ থকা ১১ ভাৰতীয় শিক্ষার্থীক গ্রেপ্তাৰ কৰা হৈছে৷ দেশখনৰ প্রব্রজন বিভাগৰ এটা সূত্রই সদৰী কৰা অনুসৰি অবৈধভাৱে বাস কৰি থকা মুঠ ১৫গৰাকী শিক্ষার্থীক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ১১গৰাকী হৈছে ভাৰতীয়৷ ভুৱা নথিপত্রৰে আমেৰিকাত এই শিক্ষার্থীসকলে বাস কৰি আছিল৷ দেশখনৰ বষ্টন, ৱাশ্বিংটন, হুষ্টন, নেৱার্ক, নাছভিল্লে, পিটছবার্গ আৰু হাৰিছবার্গৰ পৰা এই শিক্ষার্থীসকলক গ্রেপ্তাৰ কৰিছে প্রব্রজন বিভাগে৷ গ্রেপ্তাৰ হোৱা অন্য শিক্ষার্থী চাৰিগৰাকীৰ দুগৰাকী লিবিয়ান, এগৰাকী ছেনেগালিছ আৰু এগৰাকী বাংলাদেশী৷

লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি আমেৰিকাত জাল নথিপত্রৰে বহু শিক্ষার্থীয়ে বাস কৰি থকা বুলি অভিযোগ কৰি আহিছে প্রব্রজন বিভাগে৷ শেহতীয়াকৈ এই শিক্ষার্থীসকলৰ বিৰুদ্ধে তদন্ত ক্ষিপ্রতৰ কৰা হৈছে হোৱাইট হাউছৰ কঠোৰ নির্দেশনাৰ পিছতে৷ প্রব্রজন বিভাগৰ এই কঠোৰ সিদ্ধান্তৰ ফলত বহু ভাৰতীয় শিক্ষার্থী সংকটত পৰাৰ আশংকা প্রকট হৈ পৰিছে৷

You might also like