নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেচিবিৰে ভাঙিলে এনাজৰী মহিলা কমিটীৰ বেৰা

খানামুখত কংগ্রেছী গুণ্ডা বাহিনীৰ চৰকাৰী ভূমি বেদখল

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ  দিছপুৰত নামত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ থাকিলেও গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকী এলেকাৰ পশ্চিম জালুকবাৰীৰ খানামুখ, লংকেশ্বৰ আদি অঞ্চলত এতিয়াও অব্যাহত আছে নিজকে কংগ্রেছ দলৰ মানুহ বুলি জহাই ফুৰা মাটিৰ দালালৰ বেদখল কার্য৷ আজি দিনৰ পোহৰত নিজকে কংগ্রেছী বুলি দাবী কৰি অহা কেইজনমান গুণ্ডা প্রকৃতিৰ যুৱকে খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ গাতে লগা প্রায় পাঁচ বিঘা চৰকাৰী মাটি বেদখল কৰিবলৈ গৈ ভাঙি পেলায় এনাজৰী নামৰ স্থানীয় মহিলা সংগঠনে বহুদিনৰ পৰা সংৰক্ষণ কৰি ৰখা প্রায় দুকঠা মাটিৰ সীমাৰ বেৰ৷ প্রাপ্ত অভিযোগ মতে, তিনিদিন পূর্বে গুণ্ডা প্রকৃতিৰ কেইবাজনো যুৱকে এনাজৰী নামৰ মহিলা সংগঠনৰ কর্মকর্তাসকলক প্রাণনাশৰ ভাবুকি দিছিল৷ ইফালে, ৰূপকোঁৱৰ হাউছিং কমপ্লেক্সৰ বাসিন্দাসকলে সদৰী কৰা অনুসৰি গুৱাহাটী ৰাজহ চক্রৰ জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰী গাঁওৰ ৮৬০ আৰু ৯০৩নং দাগৰ চৰকাৰী মাটিখিনিত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই এখন উদ্যান নির্মাণ কৰাৰ বাবে জিএমডিএৰ জৰিয়তে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ আনকি তদানীন্তন ৰাজহ মন্ত্রী ভবেশ কলিতায়ো এনাজৰী মহিলা কমিটীক মাটিখিনি ব্যৱহাৰ কৰিবলৈ দিছিল, যাতে বেদখলৰ কবলত নপৰে৷ অভিযোগ মতে, নিজকে কংগ্রেছৰ মানুহ বুলি জহাই ফুৰা কেইবাজনো গুণ্ডা প্রকৃতিৰ যুৱকে আজি জেচিবি লৈ আহি দিনৰ পোহৰত এনাজৰী মহিলা কমিটীৰ সীমাৰ বেৰ ভাঙি পেলায় আৰু বেদখল কৰি তাত মাটি পেলায়৷ যাৰ বাবে সচেতন ৰাইজে এইক্ষেত্রত কামৰূপ মহানগৰ জিলা প্রশাসন আৰু মহানগৰ আৰক্ষীক তৎকালীনভাৱে বিষয়টোত হস্তক্ষেপ কৰি বেদখলকাৰী চক্রটোৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷

You might also like