নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকিং–বেকিঙেৰে সর্বভাৰতীয় পর্যায়ত উজলিল অসমৰ ৰিমলী

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ বেকিং আৰু কুকিঙৰ দ্বাৰা সর্বভাৰতীয় পর্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ এগৰাকী উদ্যমী যুৱতী৷ ভাৰতৰ বিখ্যাত চেফ সঞ্জীৱ কাপুৰ, চেফ বিকি ৰটনানি, চেফ কুনাল কাপুৰৰ দ্বাৰা পৰিচালিতIndia’s Most Prominent Food and Hospitality Awards-2020ৰBest cookery & cake classes centreৰ সন্মান লাভ কৰে গুৱাহাটীৰ উলুবাৰীৰ ৰিমলী মহন্তই৷ ইতিমধ্যে কুকিং আৰু বেকিঙৰ জৰিয়তে খাদ্যৰসিকৰ প্রিয়ভাজন হ’বলৈ সক্ষম হোৱা ৰিমলী মহন্তই বিগত প্রায় ছয়–সাত বছৰ ধৰি বহু যুৱক–যুৱতীক কুকিং আৰু বেকিঙৰ প্রশিক্ষণ দি আহিছে৷ ৰিমলী মহন্তই ইতিমধ্যে অসমৰ বিভিন্ন প্রান্তত কুকিং আৰু বেকিঙৰ বহু কর্মশালাৰ আয়োজন কৰি অতি কম বয়সতে এগৰাকী সফল আৰু জনপ্রিয় প্রশিক্ষক হিচাপে পৰিচিত হ’বলৈ সক্ষম হৈছে৷ বর্তমান কুকিং আৰু বেকিঙৰ ক্ষেত্রখনত এক প্রতিষ্ঠিত প্রশিক্ষক হিচাপে প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৰিমলী৷ উলুবাৰীত কুকিং আৰু বেকিঙৰ আনুষ্ঠানিক শিক্ষা দিয়াৰ বাবে এটি অত্যাধুনিক কেক ষ্টুডি’ প্রতিষ্ঠা কৰিছে, য’ত উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তৰ পৰা সকলোৱে আহি যাতে এই শিক্ষা গ্রহণ কৰিব পাৰিব৷ ইয়াৰ জৰিয়তে মহানগৰী তথা উত্তৰ–পূবৰ উদ্যমী যুৱক–যুৱতী–মহিলা কুকিং বেকিঙৰ উন্নতমানৰ প্রশিক্ষণৰ সুযোগ লাভ কৰিব৷ ‘ৰিমলী’জ গুৱাহাটী কুকিং এণ্ড বেকিং’ নামৰ এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ধৰণৰ কেক, কুকিজ, পাফ, পিজা আদি প্রস্তুত কৰি খাদ্যৰসিকৰ মন জয় কৰিব পৰাকৈ তৃপ্তিদায়ক খাদ্য প্রস্তুতকাৰী তথা প্রশিক্ষক হিচাপে পৰিগণিত হৈছে ৰিমলী৷ ইয়াৰ সমান্তৰালভাৱে বেকিঙৰ লগত জড়িত সকলো অত্যাধুনিক সামগ্রী যোগান ধৰাৰো ব্যৱস্থা কৰিছে৷ এই প্রতিষ্ঠানত প্রশিক্ষণ গ্রহণ কৰি ইতিমধ্যে বহু যুৱক–যুৱতীয়ে নিজাকৈ এই ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ’বলৈও সক্ষম হৈছে৷

You might also like