নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ মাহত সম্পূর্ণ হ’ব আৱর্জনা পৰিশোধন

বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডৰ আৱর্জনা পৃথকীকৰণৰ কাম আৰম্ভ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ দীপৰ বিলৰ পাৰত থকা বৰাগাঁৱত ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাৰ পৃথকীকৰণ আৰু পৰিশোধনৰ কাম আৰম্ভ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে দীপৰ বিলৰ পাৰত থকা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ নির্দেশ জাৰি কৰিছিল৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষক আজিপর্যন্ত ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ বাবে চৰকাৰে ভূমি আবণ্টন নকৰিলে৷ যাৰ পৰিপ্রেক্ষিতত পৌৰ নিগম কর্তৃপক্ষই বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত জমা হোৱা আৱর্জনা পৃথকীকৰণ আৰু পৰিশোধনৰ বাবে নীট নামৰ ঠিকাদাৰী প্রতিষ্ঠানটোক দায়িত্ব অর্পণ কৰে৷ পৌৰ নিগম কর্তৃপক্ষৰে হোৱা চুক্তিমর্মে ঠিকাদাৰী প্রতিষ্ঠান নীটে বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডৰ আৱর্জনা পৃথকীকৰণ আৰু পৰিশোধন কৰাৰ বাবে অত্যাধুনিক ৫টাকৈ টর্মেল মেচিন ডাম্পিং গ্রাউণ্ডত স্থাপন কৰিব৷ প্রথম পর্যায়ত ঠিকাদাৰী প্রতিষ্ঠান নীটে দুটা টর্মেল মেচিন স্থাপন কৰি ৫খনকৈ অত্যাধুনিক এক্সকেভেটৰে আৱর্জনা খান্দি আজিৰে পৰা আৱর্জনাৰ পৰিশোধন আৰু পৃথকীকৰণৰ কাম আৰম্ভ কৰিছে৷ পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি ৮ মাহৰ ভিতৰত ডাম্পিং গ্রাউণ্ডৰ আৱর্জনা পৰিশোধন আৰু পৃথকীকৰণৰ কাম সম্পূর্ণ কৰা হ’ব৷ ৮ মাহৰ পাছত বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড পুনৰ সেউজীয়াকৰণৰ কামো আৰম্ভ কৰিব পৌৰ নিগম কর্তৃপক্ষই৷ উল্লেখ্য যে ২০০৬ চনত পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থাপন কৰা হৈছিল৷ গুৱাহাটী মহানগৰীত প্রতিদিনে ওলোৱা ৫০০ টন আর্ৱজনা বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত বিগত ১৫ বছৰ ধৰি জমা কৰি অহা হৈছে৷ বিগত ১৫ বছৰত বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত জমা হোৱা প্রায় ৩,৬১,০০০ টন আৱর্জনা পৰিশোধন আৰু পৃথকীকৰণ কৰা হ’ব৷ ৮ মাহৰ ভিতৰত এই আৱর্জনা পৰিশোধনৰ কাম সম্পূর্ণ কৰা হ’ব৷ এই অত্যাধুনিক টর্মেল মেচিনৰ জৰিয়তে প্লাষ্টিক, মাটি, শিল, বালিকে ধৰি অন্যান্য আৱর্জনাসমূহ পৃথকীকৰণ কৰি চিমেণ্ট, ইটা আদি প্রস্তুত কৰাৰ লগতে পৰিৱেশৰ অনুকূলকৈ পৰিশোধন কৰা হ’ব৷

You might also like